অসম

assam

অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ভুপেন বৰা

By

Published : Jul 24, 2021, 7:10 PM IST

Updated : Jul 24, 2021, 9:51 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ’ল ভুপেন বৰাক ৷ বিশেষ সূত্ৰৰ খবৰ অনুসৰি, সভাপতিৰ দৌৰত আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাৰ নাম।

অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ভুপেন বৰা
অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ভুপেন বৰা

নিউজ ডেস্ক, 24 জুলাই :ঘোষণা হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ (APCC) নতুন সভাপতিৰ নাম ৷ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হ’ল ভুপেন বৰাক (Bhupen Bora) ৷

অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ভুপেন বৰা

কেন্দ্ৰীয় নেতৃত্বৰে দিল্লীত আলোচনাত মিলিত হোৱাৰ অন্তত শুকুৰবাৰে বিয়লি বৰঝাৰত উপস্থিত হৈয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই (Ripun Bora) দুই এদিনতে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নাম ঘোষণা হ’ব বুলি জানিবলৈ দিছিল ৷ ইয়াৰ পিছতে পাচতে আজি অৰ্থাৎ শনিবাৰে কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভুপেন বৰাৰ নাম ৷

লগতে পঢ়কঃ শীঘ্ৰেই উত্তৰ গুৱাহাটীৰ পৰ্যটনৰ ক্ষেত্ৰখনত সংযোজিত হ'ব এক দুঃসাহসিক ক্ৰীড়া

Last Updated : Jul 24, 2021, 9:51 PM IST

ABOUT THE AUTHOR

...view details