অসম

assam

তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ "অসমীয়া চাহ সমাৰোহ"

By

Published : Feb 22, 2021, 10:58 PM IST

অসমীয়া সমাজত পূৰ্বৰ পৰম্পৰাগত চাহ সেৱন কৰাৰ শৈলী পুনৰ ৰাইজৰ মাজলৈ ঘূৰাই অনাৰ চেষ্টাৰে তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ হৈছে "অসমীয়া চাহ সমাৰোহ"৷ তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ টি লাউঞ্জত আৰম্ভ হৈছে এই চতুৰ্থ বাৰ্ষিক অসমীয়া চাহ সমাৰোহ ৷

তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ "অসমীয়া চাহ সমাৰোহ"
তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ "অসমীয়া চাহ সমাৰোহ"

গুৱাহাটী,২২ ফেব্ৰুৱাৰী: তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ টি লাউঞ্জত আৰম্ভ হৈছে চতুৰ্থ বাৰ্ষিক অসমীয়া চাহ সমাৰোহ। আৰিণ টি গ্ৰুপৰ সহযোগত আৰু পাভজান চাহ বাগিচাৰ উদ্যোগত আৰম্ভ হৈছে এই সমাৰোহ। পূৰ্বৰ তিনি বছৰে এই সমাৰোহ গোলাঘাটত অনুষ্ঠিত কৰা হৈছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে গুৱাহাটীত।

তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ "অসমীয়া চাহ সমাৰোহ"
অসমীয়া সমাজত পূৰ্বৰ পৰম্পৰাগত চাহ সেৱন কৰাৰ শৈলী পুনৰ ৰাইজৰ মাজলৈ ঘূৰাই অনাৰ চেষ্টা চলোৱা হৈছে এই সমাৰোহত। কাঁহৰ বাতি বা বানবাতিত মজিয়াত বহি অসমীয়া সমাজত চাহ পান কৰাৰ যি পৰম্পৰা আছিল সেই পৰম্পৰাৰেই বিভিন্ন সোৱাদযুক্ত চাহ পৰিবেশনৰ ব্যৱস্থা কৰা হৈছে অসমীয়া চাহ সমাৰোহত।
তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ "অসমীয়া চাহ সমাৰোহ"
উল্লেখ্য যে, এই ব্যতিক্ৰমী সমাৰোহৰ বিষয়ে মন্তব্য কৰি আৰিণ টি গ্ৰুপৰ সঞ্চালক ৰাখী শইকীয়াই কয় যে, একমাত্ৰ অসমীয়া সমাজৰ পৰম্পৰাগত চাহ সেৱনৰ শৈলী ৰাইজৰ মাজলৈ লৈ যোৱাটোৱেই হৈছে এই সমাৰোহৰ প্ৰধান উদ্দেশ্য। আনহাতে, এই সমাৰোহ অহা বছৰ দিল্লীত অনুষ্ঠিত কৰি ৰাষ্ট্ৰীয় পৰ্যায়তো অসমীয়া পৰম্পৰাগত চাহ সেৱন শৈলী চিনাকী কৰাই দিয়া হ'ব বুলি মন্তব্য কৰে এই অনুষ্ঠানৰ উদ্যোক্তা তথা নৰ্থ ইষ্ট টি এছ'ছিয়েছনৰ অধ্যক্ষ বিদ্যানন্দ বৰকাকতিয়ে।

ABOUT THE AUTHOR

...view details