অসম

assam

TMC leadership Training Camp: অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰ

By

Published : Dec 18, 2022, 4:25 PM IST

Updated : Dec 18, 2022, 6:49 PM IST

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে অসম তৃণমূল কংগ্ৰেছৰ লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰ ৷ তৃণমূল কংগ্ৰেছৰ মুঠ 355গৰাকী নেতৃত্বই অংশগ্ৰহণ কৰিছে এই প্ৰশিক্ষণ শিবিৰত ৷ শিবিৰত অংশ গ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা TMCৰ সাংসদ ডেৰেক অ’ব্ৰিয়েনৰ ৷

TMC leadership Training Camp
অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰ

অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটী, 18 ডিচেম্বৰ: মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankardev Kalakshetra) মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰ(Assam TMC leadership Training programme) ৷ এই প্ৰশিক্ষণ শিবিৰত অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ লগতে উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰিয়েন(MP Derek O'brien) আৰু সুস্মিতা দেৱ(MP Sushmita Dev) ৷ প্ৰশিক্ষণ শিবিৰ আনুষ্ঠানিক মুকলি কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই(Ripun Bora) ৷

উল্লেখ্য যে, এই শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছক(Trinamool Congress) নেতৃত্ব প্ৰদান কৰা 355গৰাকী কৰ্মীয়ে ৷ যিকোনো মূল্যৰ বিনিময়ত অনাগত দিনত বিজেপিক(BJP) পৰাস্ত কৰাৰ উদ্দেশ্যে আৰু অসমত তৃণমূল কংগ্ৰেছৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰাৰ বাবে এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে TMCৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই ৷

আনহাতে, অসম প্ৰদেশ কংগ্ৰেছে(APCC) অপসাৰণ কৰা অংকিতা দত্ত(Ankita Dutta) আৰু সদ্য আছুত্যাগী দীপাংক নাথৰ(Dipanka Nath) প্ৰতিও বিশেষ আহ্বান ৰিপুন বৰাৰ ৷ সকলোৰে বাবে TMCৰ দুৱাৰ খোলা আছে বুলি মন্তব্য ৰিপুন বৰাৰ ৷ লগতে, নতুন প্ৰজন্মৰ নেতাক দলে বিশেষ মৰ্যাদা প্ৰদান কৰিব বুলিও কয় ৰিপুন বৰাই ৷

ইফালে, TMCৰ সাংসদ ডেৰেক অ’ব্ৰিয়েনে কয় যে, ‘‘ অসমৰ তৃণমূল কংগ্ৰেছৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন, এই প্ৰশিক্ষণ শিবিৰৰ জড়িয়তে সকলো নেতৃত্বক একগোট কৰা হৈছে, TMCৰ ভেটি অধিক শক্তিশালী কৰা আৰু সমাজ সেৱা কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে ৷

সমান্তৰালভাৱে, শাসকীয় দল বিজেপিকো সমালোচনা সাংসদগৰাকীৰ ৷ তেওঁ কয় যে, ‘‘প্ৰতিশ্ৰুতি দিয়াত শ্ৰেষ্ঠ দল বিজেপি, কিন্তু বিজেপিৰ সকলো প্ৰতিশ্ৰুতিয়েই অসাৰ ৷ বিজেপিৰ প্ৰতি জনতা অতিষ্ঠ হৈছে আৰু ৰাইজে 2024ত নতুন চৰকাৰ আনিব ৷’’

অসম বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয়ক লৈয়ো(Assam BJP new office) সমালোচনা ডেৰেক অ’ব্ৰিয়েনৰ ৷ "কাৰ্যালয় নহয় যেন সেয়া 7ষ্টাৰ হোটেলহে, আমি তৃণমূল পৰ্যায়ৰ দল, আমাৰ ইমান ডাঙৰ কাৰ্যালয় নাই কিন্তু আমি ৰাইজৰ লগত আছোঁ ৷" এই মন্তব্য সাংসদগৰাকীৰ ৷

লগতে পঢ়ক:Constituency Delimitation : অসমত কিয় বন্ধ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ?

Last Updated : Dec 18, 2022, 6:49 PM IST

ABOUT THE AUTHOR

...view details