অসম

assam

APCC slams CM Himanta: তাচ্ছিল্য কৰাৰ বিপৰীতে মুখ্যমন্ত্রীয়ে বিষয়ৰ গভীৰতা উপলব্ধি কৰিব লাগিছিল; প্ৰদেশ কংগ্ৰেছ

By

Published : Aug 9, 2023, 4:32 PM IST

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে কংগ্ৰেছক সম্পূৰ্ণৰূপে জগৰীয়া কৰি সংবাদমেল সম্বোধন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ সাংসদ গৌৰৱ গগৈৰ যুক্তি আৰু তথ্য সমৃদ্ধ বক্তব্যত সন্ত্রস্ত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক হিচাপে ২০০১ চনত কংগ্ৰেছৰ গৰ্ভতেই জন্ম হৈছিল ।

APCC slams CM Himanta
APCC slams CM Himanta

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে

গুৱাহাটী, ৯ আগষ্ট: কংগ্ৰেছ দলক কৰা সমালোচনাৰ বাবে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে । উল্লেখ্য যে মঙলবাৰে মণিপুৰৰ ঘটনা সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক সাংসদ গৌৰৱ গগৈয়ে সমালোচনাৰে থকা-সৰকা কৰাৰ পাচত সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাতে এখন সংবাদমেল সম্বোধন কৰিছিল ।

বিশেষকৈ সাংসদ গৌৰৱ গগৈক প্ৰত্যুত্তৰ দিয়াৰ উদ্দেশ্যে সম্বোধন কৰা সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ আজিৰ পৰিস্থিতিৰ বাবে কংগ্ৰেছকে দোষাৰোপ কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা দোষাৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে আজি প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই কয় যে মণিপুৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতা আৰু বিজেপি চৰকাৰৰ নিস্ক্ৰিয় ভূমিকা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ সৰৱ স্থিতিত শংকিত হৈ মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া ৭ বজাত হঠাতে সংবাদমেল সম্বোধন কৰে।

এক কথাত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মুখা খুলি দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সাহসেৰে প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে তুচ্ছ-তাচ্ছিল্য কৰিছে । তেওঁ কয় যে মণিপুৰক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰ সম্পূৰ্ণ নীৰৱ আৰু নিমাত । কিন্তু কংগ্ৰেছ দল নীৰৱ নহয় আৰু নীৰৱে নাথাকে ।

সাংসদ গৌৰৱ গগৈৰ যুক্তি আৰু তথ্য সমৃদ্ধ বক্তব্যত সন্ত্রস্ত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰা বুলি তেওঁ কয় । তেওঁ লগতে কয় যে মুখ্যমন্ত্রীৰ মুখমণ্ডলত শংকাৰ ভাৱ স্পষ্ট ৰূপত ফুটি উঠিছিল । তাচ্ছিল্য কৰাৰ বিপৰীতে মুখ্যমন্ত্রীয়ে বিষয়ৰ গভীৰতা উপলব্ধি কৰিব লাগিছিল ।

৯ বছৰ একেলেথাৰিয়ে শাসন কৰা বিজেপিক এতিয়াও কংগ্ৰেছৰ ভূতে খেদি ফুৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কিৰেণ ৰিজিজুৱে উত্তৰ-পূৰ্বাঞ্চলৰ সংঘৰ্ষ ইউ পি এৰ আমোলৰ বুলি কোৱাৰ বিপৰীতে মুখ্যমন্ত্রী ১৯৬২ চন পালেগৈ । ইমান দূৰলৈ কিয় যাব লাগে বুলি সদৰী কৰি তেওঁ কয় যে মণিপুৰত নাৰীক নগ্ন কৰি যেতিয়া ৰাজপথত পেৰেড কৰা হৈছিল তেতিয়া বিজেপি চৰকাৰ ক'ত আছিল । সেয়া ডাৱল ইঞ্জিনৰ সফলতা আছিল নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে ইয়াৰ অন্তৰালত ড্ৰাগছৰ ৰহস্য আছে নেকি । যাৰ বাবে প্ৰধানমন্ত্রীয়ে মৌনব্ৰত পালন কৰিবলগীয়া হৈছে ।

'নেডা'ৰ আহ্বায়ক হিচাপে হিমন্ত বিশ্ব শৰ্মাই কিয় শান্তিৰ বীজ ৰোপণ কৰা নাই বুলি প্ৰশ্ন কৰি তেওঁ কয় যে কংগ্ৰেছক দোষাৰোপ কৰা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক হিচাপে ২০০১ চনত কংগ্ৰেছৰ গৰ্ভতেই জন্ম হৈছিল । কংগ্ৰেছৰ দিনত সকলো সমস্যাৰ সমাধানৰ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মাই লৈছিল বুলি সদৰী কৰি তেওঁ কয় যে আজি কিয় হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ বোকা ছটিয়াছে ।

কংগ্ৰেছৰ দিনত কিবা নোহোৱাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মায়ো ল'ব লাগিব বুলি তেওঁ কয় । কেন্দ্ৰত বিজেপিয়ে ৯ বছৰ শাসন কৰাৰ পাচতো যদি কংগ্ৰেছকে জগৰীয়া কৰে তেন্তে বিজেপিৰ কি কাম আছে বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ লগতে কয় যে বাজপেয়ী চৰকাৰৰ দিনটো অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ জ্বলিছিল । সেই কথা পাহৰি নাযাব বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া সময় তুচ্ছ-তাচ্ছিল্য কৰাৰ নহয় ।

বোকা ছটিওৱা বন্ধ কৰি সাহসেৰে সমস্যাৰ মোকাবিলা কৰাৰ বাবে তেওঁ মুখ্যমন্ত্রীৰ প্ৰতি আহ্বান জনায় । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই কয় যে মণিপুৰ জ্বলি থকা সময়ত প্ৰধানমন্ত্রীয়ে সাতবাৰ বিদেশ ভ্ৰমণ কৰিছে যদিও মণিপুৰলৈ এবাৰো আহিব পৰা নাই ।

এইবোৰক লৈ বিজেপি চৰকাৰে লাজ পাইছে আৰু শংকিত হৈ মুখ্যমন্ত্রীয়ে কংগ্ৰেছক দোষাৰোপ কৰি সংবাদমেল সম্বোধন কৰিছে বুলি তেওঁ কয়। সংবাদমেলত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি আন কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক:Himanta Biswa: কংগ্ৰেছৰ ভুল নীতিৰ পৰিণাম ভোগ কৰিছে উত্তৰ-পূৰ্বাঞ্চলে; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details