অসম

assam

AASU protest in Guwahati: অশান্ত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত আছুৰ ব্যাপক প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:13 PM IST

নেছ'ৰ আহ্বানত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ । শ্বহীদ ন্যাসত আছুৰ উত্তাল প্ৰতিবাদ । কেন্দ্ৰীয় চৰকাৰে মণিপুৰত হিংসাৰ অৱসান ঘটনাই জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰাত আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে । মণিপুৰৰ ক্ষেত্ৰত কেন্দ্ৰই ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰিছে । মণিপুৰৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবী ।

AASU holds massive protest in Guwahati
AASU protest in Guwahati

গুৱাহাটীত আছুৰ ব্যাপক প্ৰতিবাদ

গুৱাহাটী, ৯ নৱেম্বৰ: মণিপুৰত শান্তি প্ৰতিষ্ঠা আৰু মণিপুৰৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বৃহস্পতিবাৰে নেছ'ৰ আহ্বানত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অসমতো নেছ'ৰ আহ্বান ক্ৰমে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । গুৱাহাটী মহানগৰীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ উদ্যোগত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা হয় । মহানগৰীৰ শ্বহীদ ন্যাসত সন্মুখত নেছ'ৰ সহযোগত আছুৱে ব্যাপক প্ৰতিবাদ স‍ব্যস্ত কৰে ।

উল্লেখ্য যে প্ৰায় ছমাহ ধৰি মণিপুৰত অব্যাহত থকা অশান্ত পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছ′ই এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আন্দোলন ঘোষণা কৰিছিল । নেছ'ই মণিপুৰৰ সমস্যাৰ স্থায়ীভাৱে সমাধান কৰাত কেন্দ্ৰীয় চৰকাৰচূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ কৰি ৰাজ্যখনৰ সমস্যাৰ স্থায়ী সমাধানৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবীত আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে ।

প্ৰতিখন ৰাজ্যৰ ৰাজধানীত নিজ নিজ ৰাজ্যৰ ছাত্ৰ সংগঠনে আজি বিক্ষোভ প্ৰদর্শন কৰে । গুৱাহাটীত আছুৰ উদ্যোগত আয়োজন কৰা বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নেছ’ৰ উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে কেন্দ্ৰীয় চৰকাৰে মণিপুৰত হিংসাৰ অৱসান ঘটনাই জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰাত আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে ।

মণিপুৰৰ ক্ষেত্ৰত কেন্দ্ৰই ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ কৰি তেওঁ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে দাবী উত্থাপন কৰে । তেওঁ কয় যে মণিপুৰবাসী কেতিয়াও অকলশৰীয়া নহয় । উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খিলঞ্জীয়া লোক মণিপুৰৰ লগত আছে । তেওঁ লগতে কয় যে ছমাহ ধৰি মণিপুৰ অশান্ত হৈ আছে যদিও কেন্দ্ৰীয় চৰকাৰে শান্ত কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খিলঞ্জীয়া মানুহে মণিপুৰত শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰে । প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি ভালেসংখ্যক নেতাই অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ চৰম ব্যৰ্থতাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

উল্লেখ্য যে ৩১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হোৱা নেছ'ৰ কাৰ্যনিৰ্বাহক বৈঠকত আজিৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । সেই অনুসৰি আজি নগা ছাত্ৰ ফেডাৰেশ্যনে ক’হিমাত, আছুৱে গুৱাহাটীত, মিজো ছাত্ৰ সন্থাই আইজলত, খাচী ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাই শ্বিলঙত, অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ইটানগৰত, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনে আগৰতলাত আৰু মণিপুৰ ছাত্ৰ সন্থাই ইম্ফলত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক:Mega projects : অৰ্ধশতাধিক বৃহৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ; বৃদ্ধি নিৰ্মাণ ব্যয়

ABOUT THE AUTHOR

...view details