অসম

assam

২২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ ১২ হাজাৰ নিযুক্তি

By

Published : Sep 1, 2022, 6:25 PM IST

এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ (aims of 1 lakh recruits by Assam Govt) । খানাপাৰাৰ খেলপথাৰত আনুষ্ঠানিকভাৱে নিযুক্তি-পত্র প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে (CM to formally hand over appointment letters) । গৃহ, স্বাস্থ্য, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, লোকনির্মাণ বিভাগত দিয়া হ'ব নিযুক্তি । জনতা ভৱনত শীৰ্ষ বিষয়াৰে মুখ্যমন্ত্রীৰ বৈঠক ।

CM meeting
CM meeting

গুৱাহাটী, ১ ছেপ্টেম্বৰ : এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰিব (aims of 1 lakh recruits by Assam Govt) । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিবলগীয়া অনুষ্ঠানত এই নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব (CM to formally hand over appointment letters) ।

বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয় । উল্লেখ্য যে বিগত মে’ মাহত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছিল (appointment letter issue programme of Assam Govt) । ইয়াকে লৈ ৪২ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান প্রক্রিয়া সম্পূর্ণ হ’ব ।

বিভিন্ন পৰীক্ষাৰ জৰিয়তে বাছনি হোৱা এই ১২ হাজাৰগৰাকী প্ৰাৰ্থীক (12000 appointment letters on September 22) বিভিন্ন বিভাগত আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব । উল্লেখ্য যে মে’ মাহত খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্র প্রদান কৰা হৈছিল । ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি-পত্র প্রদান অনুষ্ঠানত গৃহ বিভাগৰ অধীনত কনিষ্টবল আৰু উপ-পৰিদৰ্শক পদত ৫,২০০ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব ।

তদুপৰি, লোকনির্মাণ বিভাগৰ অধীনত ২৫৬ গৰাকী প্ৰাৰ্থীক সহকাৰী অভিযন্তা হিচাপে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব । এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগসমূহত নিৰ্বাচিত হোৱা প্ৰাৰ্থীক বিভিন্ন পদবীত নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব । মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী সেৱাত আৰু ১২ হাজাৰ কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিলে পূৰ্বৰ তুলনাত ৰাজ্য চৰকাৰৰ কাম-কাজসমূহ বৰ্তমানৰ তুলনাত অধিক সূচাৰুৰূপে পৰিচালিত হ’ব (CM Himanta Biswa Sarma meeting with official) ।

বৈঠকত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিজ বাৰ্মা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :অসমত জেহাদীৰ কাৰ্যকলাপ সম্পৰ্কে জয়ন্ত মল্ল বৰুৱাৰ গুৰুত্বপূৰ্ণ মন্তব্য

TAGGED:

ABOUT THE AUTHOR

...view details