অসম

assam

Protest at Teok: ক্ষোভিত চাহ শ্ৰমিক; টীয়ক চাহ বাগিচাত আটছাৰ উদ্যোগত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 6:56 PM IST

কৰম পূজাৰ বন্ধক লৈ চৰকাৰে দিয়া নিৰ্দেশনাত ক্ষোভিত চাহ শ্ৰমিক ৷ টীয়ক চাহ বাগিচাত শতাধিক শ্ৰমিকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Tea garden workers Holds protest at Teok
ক্ষোভিত চাহ শ্ৰমিক

টীয়ক চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

টীয়ক, 16 ছেপ্টেম্বৰ : চাহ জনগোষ্ঠীয় লোকসকলৰ অতি পবিত্ৰ ধৰ্মীয় উৎসৱ কৰম পূজাত চৰকাৰে পেইড হলি ডে’ ঘোষণা কৰাক লৈ ৰাজ্যৰ চৌপাশে প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকসকলে ৷ টীয়ক চাহ বাগিচাতো চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে ৷

টীয়ক চাহ বাগিচাত চাহ জনজাতি ছাত্ৰ সন্থা যোৰহাট শাখাৰ উদ্যোগত চাহ শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কৰম পূজাৰ দিনটো পেইড হলি ডে’ হিচাপে ঘোষণা কৰাৰ কাৰ্যক তীব্ৰ ভাষাৰে বিৰোধিতা কৰি প্ৰতিবাদমুখৰ হৈ পৰে ৷ লগতে কৰম পূজাৰ দিনটোত চাহ বাগিচা সমূহত মজুৰিসহ বন্ধ প্ৰদান কৰিবলৈ দাবী জনাইছে এইসকল চাহ শ্ৰমিকে ৷

উল্লেখযোগ্য যে কৰম পূজা উপলক্ষে চৰকাৰে বন্ধ ঘোষণা কৰিছে যদিও নিৰ্দেশনা অনুসৰি পাছত কোনো এক বন্ধ বাৰত শ্ৰমিকসকলে কাম কৰিব লাগিব আৰু তেতিয়াহে শ্ৰমিকসকলে এই বন্ধৰ দিনটোৰ হাজিৰা লাভ কৰিব বুলি চৰকাৰী শ্ৰম আয়োগৰ নিৰ্দেশনাত উল্লখ আছে ৷ সেয়েহে উৎসৱ উদযাপনৰ বাবে কোনো কাৰণতে এইদৰে শ্ৰমিকসকলে অন্য বন্ধৰ বাৰত শ্ৰমদান নকৰে আৰু মজুৰি দিবই লাগিব বুলি স্পষ্টভাৱে জনাই এই ক্ষেত্ৰত চৰকাৰী পক্ষক পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছে ৷

ইফালে নিৰ্বাচনৰ সময়ত এইসকল চাহ শ্ৰমিকক নানা প্ৰলোভন প্ৰদান কৰি বৰ্তমান বহুজন ৰাজগাদীত বহিছে যদিও গাদী পাই জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে চাহ শ্ৰমিকসকল ৷ অন্তত পবিত্ৰ উৎসৱটিক লৈ এইদৰে ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰি কোনো কাৰণতে এই নিৰ্দেশনা মানি নলয় বুলি হুংকাৰ প্ৰদান কৰিছে এইসকল শ্ৰমিকে ৷ লগতে আগন্তুক নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ প্ৰদান কৰাৰো সংকল্প গ্ৰহণ কৰিছে সকলোৱে ৷

লগতে পঢ়ক :Tea garden workers protest : চামগুৰিৰ আমলখি চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details