অসম

assam

Public awareness campaign: এটা মাহত এদিন চাহ বাগিচালৈ সমাজকল্যাণ বিভাগৰ বিষয়াক যাবলৈ নিৰ্দেশ মন্ত্ৰী নেওগৰ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 8:02 PM IST

Updated : Oct 3, 2023, 10:54 PM IST

মৰিয়নিত মাহজোৰা জনসজাগতা অভিযানৰ শুভাৰম্ভ । আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰণৰ ওপৰত ৰাজ্যৰ চাহ বাগিচা অঞ্চলত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ ।

Month-long public awareness campaign in Morioni
মৰিয়নিত মাহজোৰা জনসজাগতা অভিযান

মৰিয়নিত মাহজোৰা জনসজাগতা অভিযান

যোৰহাট,৩ অক্টোবৰ:এক মাহত এদিন চাহ বাগিচালৈ সমাজকল্যাণ বিভাগৰ বিষয়াক যাবলৈ নিৰ্দেশ মন্ত্ৰী অজন্তা নেওগৰ । আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰণৰ ওপৰত ৰাজ্যৰ চাহ বাগিচা অঞ্চলত মাহজোৰা জনসজাগতা অভিযানৰ অংশস্বৰূপে মঙলবাৰে মৰিয়নি সোণোৱাল চাহ বাগিচাত অনুষ্ঠিত কৰা হয় জনসজাগতা সভা ।

অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত সোণোৱাল চাহ বাগিচা সভাগৃহত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত, মহিলা আৰু শিশু কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগ । মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ মহিলাসকলক নিজৰ স্বাস্থ্যক লৈ সজাগ হ’বলৈ অৰ্থাৎ বিশেষতঃ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পিছপৰি নাথাকি আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

এমাহত অন্ততঃ এদিন সমাজকল্যাণ বিভাগৰ বিষয়াসকলক চাহ বাগিচালৈ গৈ সজাগতা কাৰ্যসূচীত গ্ৰহণ কৰিবলৈ মন্ত্ৰী তথা যোৰহাট জিলা অভিভাৱক মন্ত্ৰী অজন্তা নেওগে নিৰ্দেশ প্ৰদানো কৰে । উল্লেখ্য যে বাগিচা অঞ্চলত সুৰা আৰু বিভিন্ন মাদক দ্ৰব্যৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলি ইয়াৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিবলৈ মহিলাসকলক আহ্বান জনোৱা লগতে বাল্য বিবাহ হ’ল চাহ বাগিচাৰ আন এক মূল সমস্যা, সেয়েহে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা অপৰিহাৰ্য ।

লগতে বাল্য বিবাহৰ বিৰুদ্ধে বাগিচাই বাগিচাই মহিলাসকলে গণ সচেতনতা গঢ়ি তুলিবলৈ বাগিচা অঞ্চলৰ ৰাইজৰ প্ৰতি আহ্বান জনায় আজি সভাত অংশগ্ৰহণ কৰা মন্ত্ৰী-বিধায়কসকলে । আজি জনসজাগতা সভাত সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভাস্কৰ বৰুৱা, যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে ।

লগতে পঢ়ক:Assam Govt Ordinance: নিযুক্তি পৰীক্ষাত অসৎ উপায় ল’লে কঠোৰ শাস্তি; কাৰাবাসৰ লগতে ১০ কোটি টকা পৰ্যন্ত জৰিমনা

Last Updated :Oct 3, 2023, 10:54 PM IST

ABOUT THE AUTHOR

...view details