অসম

assam

BJP Janasamparka Campaign: বৰ্তমান সময়ত শান্তিৰ অসম ঘূৰি আহিছে - ৰূপজ্যোতি কুৰ্মী

By

Published : Jun 8, 2023, 7:00 PM IST

"আজি যদি আমি চাওঁ আজিৰ অসমত গুলী নুফুটা, ব’ম নুফুটা হৈছে ৷ বৰ্তমান অসমৰ সামগ্ৰিক পৰিস্থিতি চালে এখন শান্তিৰ অসম ঘূৰি আহিছে ৷ অসমত নামঘৰসমূহ, ৰাস্তা-ঘাট ভাল হ’বলৈ ধৰিছে ৷" মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্য (Rupjyoti Kurmi commented on Assam situation)

BJP Janasamparka Campaign at Mariyani
বৰ্তমান সময়ত শান্তিৰ অসম ঘূৰি আহিছে

বৰ্তমান সময়ত শান্তিৰ অসম ঘূৰি আহিছে

মৰিয়নী, 8 জুন: "আজি যদি আমি চাওঁ আজিৰ অসমত গুলী নুফুটা, ব’ম নুফুটা হৈছে ৷ বৰ্তমান অসৰ সামগ্ৰিক পৰিস্থিতি চালে এখন শান্তিৰ অসম ঘূৰি আহিছে ৷ অসমত নামঘৰসমূহ, ৰাস্তা-ঘাট ভাল হ’বলৈ ধৰিছে ৷ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 75 বছৰৰ পিচতে ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ পিচতে মৰিয়নীত প্ৰথমবাৰৰ বাবে চৰকাৰী আইন মহাবিদ্যালয় আহিছে ৷" চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi commented on Assam situation)৷

সমাগত লোকসভা নিৰ্বাচন ৷ আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কুচ কুাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে (BJP Janasamparka Campaign at Mariyani ) ৷ 30 মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থকা কেন্দ্ৰীয় চৰকাৰে ৯ টা বছৰ সম্পূৰ্ণ কৰে ৷ সেয়েহে ইয়াৰ লগত সংগতি ৰাখি মোদী কাৰ্যকালত হোৱা উন্নয়নৰ খতিয়ান আৰু বিষয়বস্তুক সাঙুৰি বিজেপিয়ে এমাহজোৰা জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে (BJP Janasamparka Campaign across Assam)। এই জনসম্পৰ্ক অভিযান মুলতঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা হৈছে।

মৰিয়নিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বিজেপিৰ জনসম্পৰ্ক অভিযানৰ কাৰ্যসূচী । এই জনসম্পৰ্ক অভিযানত সাংসদ তপন গগৈ, স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা তথা মৰিয়নি সমষ্টিৰ বিভিন্ন বুথ সমিতিসমুহ উপস্থিত থাকে।

আনহাতে জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰি সাংসদ তপন গগৈয়ে কয় যে এই অভিযানৰ জৰিয়তে মোদী কাৰ্যকালত হোৱা বিভিন্ন উন্নয়নমুলক কামৰ খতিয়ান আৰু বিভিন্ন বিষয়বস্তু সাঙুৰি এক বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যোৱা হ'ব। এমাহজোৰা জনসম্পৰ্ক অভিযান আজি কৰ্মসূচীত জ্যেষ্ঠ কৰ্মকৰ্তাসকলক সম্বৰ্ধনা, হিতাধিকাৰীসকলেৰে বৈঠক, বিভিন্ন মৰ্চাসমুহৰ সৈতে বৈঠক অনুষ্ঠিত হয়।

তপন গগৈয়ে লগতে কয় যে জনসম্পৰ্ক অভিযানৰ লগত সংগতি ৰাখি ১৯ মে’ত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতত শিৱসাগৰত অনুষ্ঠিত হ'ব এক বিশাল জনসভা। এয়া হ'ব লোকসভা নিৰ্বাচনৰ ৰণশিঙা।

বিজেপিৰ উন্নয়ন আৰু বিকাশৰ বাবেই পুনৰ অসমত লোকসভা নিৰ্বাচনত গেৰুৱা দলৰ জয়যাত্ৰা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।

লগতে পঢ়ক: Electricity tariff hike: বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিলে বিল বেছিকৈ আহিবই; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details