অসম

assam

Jorhat Medical College: জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

By

Published : Oct 18, 2022, 11:27 AM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক নিযুক্তিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে (AJYCP send memorandrum to JMC superiendent) ৷

AJYCP send memorandrum to JMC superiendent
Jorhat medical college: জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী সম্বলিত স্মাৰক পত্ৰ

যোৰহাট,18 অক্টোবৰ:যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ দ্ৰুত উন্নয়ণ আৰু এখন উন্নত চিকিৎসা মহাবিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দলে চিকিৎসালয়খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকক সাক্ষাৎ কৰি দীৰ্ঘদিনে ৰাইজে ভুগি থকা চিকিৎসা সন্দৰ্ভীয় বিভিন্ন সমস্যা সমাধানৰ বাবে এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে(Jorhat medical college) | স্মাৰকপত্ৰত যোৰহাট মেডিকেল কলেজ আৰু হাস্পতালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তথা বিশেষকৈ উজনি অসমৰ এক বৃহত্তৰ অঞ্চলৰ সৰ্বসাধাৰণ লোকে চিকিৎসা গ্ৰহণ কৰিবলৈ আহে, এই লোকসকলে যাতে পৰ্যাপ্তভাবে চিকিৎসা লাভ কৰে তাৰ ব্যৱস্থা কৰাৰ লগতে চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষৰ আগত দাবী উত্থাপন কৰে যুৱ ছাত্ৰ পৰিষদে ।

Jorhat medical college: জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী সম্বলিত স্মাৰক পত্ৰ

বিশেষকৈ নিউৰ'লজি, শিশুৰোগ, অস্ত্ৰোপচাৰ, ইউৰ'লজি, প্লাষ্টিক অস্ত্ৰোপ্ৰচাৰ বিভাগসমূহ শীঘ্ৰে আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে । চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনত নিউৰো অস্ত্ৰপ্ৰচাৰ আৰু গ্ৰেষ্টো এন্ট্ৰলজি বিভাগ দুটা আৰম্ভ কৰা হৈছিল যদিও উপযুক্ত যন্ত্ৰপাতি, সা-সুবিধা নথকাৰ বাবে দুয়োটা বিভাগৰ চিকিৎসকক যোৰহাটৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় (Guwahati medical college) বুলি পৰিষদে জানিবলৈ দিয়াৰ লগতে নিউৰো অস্ত্ৰোপ্ৰচাৰ আৰু গেষ্টো এন্ট্ৰলজি বিভাগ দুটা উপযুক্ত ৰূপত পুনৰ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে ৷
পৰৱৰ্তী সময়ত চিকিৎসা মহাবিদ্যালয়খনৰ পৰা বহুকেইগৰাকী চিকিৎসকে আন্ত:গাঠনিৰ অভাৱত অব্যাহতি ললে ৷ কিন্তু সেই চিকিৎসকসকলৰ বিপৰীতে অন্য চিকিৎসক নিযুক্তি দিয়া পৰিষদৰ দৃষ্টিগোচৰ হোৱা নাই বুলি উল্লেখ কৰে । যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত পর্যাপ্ত পেয়িং কেবিনৰ ব্যৱস্থা কৰিবৰ বাবে দাবী তোলাৰ লগতে শীঘ্ৰে চিকিৎসক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Asom jatiyatabadibi yuba satro parishad) ।

চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ ৰেডিঅলজি বিভাগৰ ৬ টা আলট্ৰাচাউণ্ড মেচিনৰ এটাহে কাৰ্যক্ষম হৈ আছে বুলি উল্লেখ কৰাৰ লগতে চি.টি.স্কেন.মেচিনৰ এক গুৰুত্বপূর্ণ অংশ ১৬শ্লাইড প্ৰায়ে বিকল হৈ থাকে লগতে এম.আৰ.আই. মেচিনো অধিকাংশ সময় বিকল হৈ থাকে বুলি পৰিষদে জনায় । লগতে চিকিৎসালয়খনত শিশু আৰু সৰ্বসাধাৰণৰ বাবে আই.চি.ইউ , আই.চি.ইউ আল্ট্ৰাচাউণ্ড আৰু এক্সৰে মেচিনৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায় । পর্যাপ্ত মেছিন তথা টেকনিচিয়ানৰ অভাৱৰ বাবে স্থানীয় বহু ৰোগীয়ে কিছুমান অতি গুৰুত্বপূর্ণ পৰীক্ষা ব্যক্তিগত প্ৰতিষ্ঠানত অধিক দামত পৰীক্ষা কৰিবলগীয়া হৈ আহিছে।

তেজ পৰীক্ষাৰ বাবে পৰ্যাপ্ত অত্যাধুনিক যন্ত্ৰপাতিৰ লগতে টেকনিচিয়ানৰ ব্যৱস্থা কৰাৰ লগতে আপাতকালিন বিভাগত বহু সময়ত অভিজ্ঞ চিকিৎসক নথকাৰ ফলত ৰোগীয়ে সময়ত উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হোৱা দেখা যায় । আপাতকালিন বিভাগত ২৪ঘণ্টাই অভিজ্ঞ চিকিৎসক থকাৰ ব্যৱস্থা দাবী কৰাৰ লগতে সপ্তাহৰ প্ৰতিটো বাৰতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিভাগসমূহত সেৱা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় পৰিষদে ।

যোৰহাট মেডিকেল কলেজ আৰু হাস্পতালত এটি “বাৰ্ণ কেয়াৰ ইউনিট”ৰ ব্যৱস্থা প্ৰদানৰ লগতে চণ্ডিগড়স্থিত স্নাতকোত্তৰ মেডিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ আৰ্হিত গঠনেৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনত পৰিচালনাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: Boxer Abhijit Barua : যোৰহাটত বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details