অসম

assam

AATSA vs AASA: প্ৰদীপ নাগৰ বিৰুদ্ধে গৰজি উঠিল আটছা

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 10:20 AM IST

অসম চাহ জনজাতি ছাত্র সন্থাৰ সংবাদমেল ৷ আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে গৰজি উঠিল অসম চাহ জনজাতি ছাত্র সন্থা ৷ তীব্ৰ সকিয়নী প্ৰদান নাগক ৷

Conflict between tea ethnic student organisations
অসম চাহ জনজাতি ছাত্র সন্থাৰ সংবাদমেল

অসম চাহ জনজাতি ছাত্র সন্থাৰ সংবাদমেল

যোৰহাট, 26 আগষ্ট: অসমৰ চাহ জনগোষ্ঠীয় দুই ছাত্র সংগঠনৰ মাজত সংঘাত । আছাৰ সভাপতি প্ৰদীপ নাগক শেষ সকিয়নী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ । বৃহত্তৰ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা আদিবাসী ছাত্র সন্থা আৰু অসম চাহ জনজাতি ছাত্র সন্থাৰ মাজত সংঘাতৰ উকমুকনি ঘটাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । দেৰগাঁৱত অসম চাহ জনজাতি ছাত্র সন্থাই এক সংবাদমেলযোগে আদিবাসী ছাত্র সন্থাৰ মুৰব্বী প্ৰদীপ নাগক উভতি ধৰি তীব্ৰ সকিয়নী প্ৰদান কৰে ।

অসম চাহ জনজাতি ছাত্র সন্থাই উক্ত সংবাদমেলৰ সম্বোধন কৰি প্ৰদীপ নাগক বৃহত্তৰ চাহ জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি নকৰিবলৈ শেষবাৰৰ বাবে সকীয়নি প্ৰদান কৰে । চাহ জনগোষ্ঠীয় নেতা প্ৰদীপ নাগে কংগ্ৰেছ আৰু বিজেপি দলৰ হৈ বিভিন্ন সময়ত ওকালতি কৰি আহিছে বুলি অভিযোগ তুলি প্ৰদীপ নাগক ছাত্র নেতা হিচাপে সম্বোধন কৰিলে শোভা নাপায় বুলি সংবাদ মেলত কয় ৷ বিজেপি, কংগ্ৰেছ দলৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে মিতিৰালি কৰা মানুহক ছাত্র নেতা হিচাপে কোনেও মানি নলয় বুলি কয় ৷

অসম চাহ জনজাতি ছাত্র সন্থা বিষয়ববীয়াই পুনৰ কয়, "আমাৰ লগত চাহ জনগোষ্ঠীৰ 100 টা উপজাতি, বুদ্ধিজীৱী, সাহিত্য সভা জড়িত হৈ থকাৰ লগতে আমি এটা পুৰণি অ-ৰাজনৈতিক সংগঠন । সেয়েহে অসম চাহ জনজাতি ছাত্র সন্থাৰ বিৰুদ্ধে প্ৰদীপ নাগে যি ষড়যন্ত্ৰ কৰিছে তাৰ পৰা আঁতৰি থকাটো প্ৰয়োজন বুলি কয় সংগঠনটোৱে ৷ অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, দুই ছাত্র সংগঠনৰ মাজত সৃষ্টি হোৱা সংঘাতে বিশেষকৈ বৃহৎ চাহ জনগোষ্ঠীৰ ক্ষতিসাধন কৰিব, সেয়েহে এই সংঘাত শীঘ্ৰে মীমাংসা কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক: District name controversy : আজিও থিৰাং নহ’ল লখিমপুৰ জিলাৰ নাম !

ABOUT THE AUTHOR

...view details