অসম

assam

স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হোজাই জিলা প্ৰশাসন

By

Published : Mar 26, 2021, 7:22 AM IST

নিৰ্বাচনৰ বাবে সাজু হৈছে হোজাই জিলা প্ৰশাসন ৷ নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে হোজাই জিলা প্ৰশাসনে ৷ সকলো ক'ভিড-19 প্ৰট'কল মানি অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ এই কথা জানিবলৈ দিছে হোজাই জিলাৰ উপায়ুক্ত ড৹ সাদনেক সিঙে ৷

hojai district administration all set for the conduction of clean election
স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হোজাই জিলা প্ৰশাসন

হোজাই,26 মাৰ্চ:শনিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে অন্ত পৰাৰ সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ ৰাজনৈতিক দলসমূহে প্ৰস্তুতি চলাইছে ৷ ইয়াৰ মাজতে নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত হোজাই জিলা প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে ৷

এক নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে হোজাই জিলা প্ৰশাসন

জানিব পৰা মতে, হোজাই জিলাৰ অন্তৰ্গত যমুনামুখ, হোজাই আৰু লামডিং সমষ্টিৰ বাবে অহা ইভিএম সমূহৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পন্ন কৰি দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডাৰিং সমাপ্ত কৰা হৈছে ৷ তিনিওটা সমষ্টিৰ ভোটগ্ৰহনলৈ যাব লগা ইভিএম সমূহো কাউন্সেলিং আৰু চীল কৰাৰ কামো প্ৰায় সমাপ্ত হোৱাৰ পথত ৷

ইতিমধ্যে ভোটগ্ৰহন কৰাৰ বাবে নিয়োজিত পুলিং, প্ৰিজাইডিং বিষয়া সকলকো দুবাৰকৈ প্ৰশিক্ষণ দিয়া হৈছে ৷ নিৰ্বাচনৰ যাৱতীয় কোষ সমূহ গঠন কৰাৰ পাছতে কোষ সমূহত নিয়োজিত বিষয়া কৰ্মচাৰী সকলেও নিজৰ নিজৰ কাম সমূহ কৰি গৈছে ৷ হোজাই জিলাৰ উপাযুক্ত ড৹ সাদনেক সিঙে জানিবলৈ দিয়া মতে, নিৰ্বাচনত ব্যৱহৃত হ'ব লগীয়া যান বাহন সমূহ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছত কাষতে থকা গোলাঘাট আৰু শোণিতপুৰ জিলাৰ পৰা অনা হ'ব ৷

লগতে পঢ়ক:অতুল বৰাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি কোষৰ গোচৰ

ABOUT THE AUTHOR

...view details