অসম

assam

হাইলাকান্দিত বিদ্যুতৰ তাঁৰ চিঙি এজনৰ মৃত্যু

By

Published : Jun 14, 2020, 2:14 PM IST

হাইলাকান্দিত হাইভল্টেজ বিদ্যুতৰ তাঁৰ চিঙি মাটিত পৰি থকাৰ ফলত সাংঘাতিক অঘটন সংঘটিত ৷ বিদ্যুত পৰিবাহী তাঁৰত লাগি মৃত্যু ৰফিক উদ্দিন মজুমদাৰ নামৰ এজন ব্যক্তিৰ ৷

one person dies of electric shock
হাইলাকান্দিত বিদ্যুতৰ তাঁৰ চিঙি এজনৰ মৃত্যু

হাইলাকান্দি,14জুনঃ হাইলাকান্দি জিলাৰ ভাটিৰকোপা গাঁৱত ভয়াৱহ ঘটনা। হাইভল্টেজ বিদ্যুতৰ তাঁৰ চিঙি মাটিত পৰি থকাৰ ফলত ভয়ংকৰ অঘটন সংঘটিত হৈছে । বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় এজন ব্যক্তিৰ । মৃত ব্যক্তি গৰাকীৰ নাম ৰফিক উদ্দিন মজুমদাৰ । মৃত ব্যক্তিজনৰ ঘৰ ভাটিৰকোপা গাঁৱত ।

হাইলাকান্দিত বিদ্যুতৰ তাঁৰ চিঙি এজনৰ মৃত্যু

জানিব পৰা মতে, ঘৰৰ পৰা মচজিদলৈ বুলি ওলাই অহাৰ সময়ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় 55 বছৰীয়া ব্যক্তিজনৰ । ইয়াকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ গাঁওখনত ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি হাইলাকান্দি সন্তোষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে চাওকঃবাঘজান ট্ৰেজেডি.......

ABOUT THE AUTHOR

...view details