অসম

assam

বহিঃৰাজ্যত উৎপাদিত গামোচা বিক্ৰী কৰাক লৈ তৎপৰ গোলাঘাট জিলা প্ৰশাসন

By

Published : Apr 12, 2022, 8:28 PM IST

বহিঃৰাজ্যত উৎপাদিত গামোচা বিক্ৰী কৰাক লৈ তৎপৰ হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসনৰ(Golaghat district administration) লগতে ধনশিৰি মহকুমা প্ৰশাসনো ৷ সোমবাৰে সৰুপথাৰ নগৰৰ একাংশ বিপনীত মেচিনেৰে প্ৰস্তুত কৰা গামোচা জব্দ কৰে ধনশিৰি মহকুমা প্ৰশাসন তথা গোলাঘাট জিলা প্ৰশাসনে ৷

golaghat-district-administration-obstructs-sale-of-outside-made-gamusa
বহিঃৰাজ্যৰ গামোচা বিক্ৰী কৰাক লৈ তৎপৰ গোলাঘাট জিলা প্ৰশাসন

গোলাঘাট, 12 এপ্ৰিল : ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ব’হাগৰ বিহুত বস্ত্ৰদান কৰাতো এটা পৰম্পৰা বা এক নিয়ম । বিশেষকৈ ৰঙালী বিহুত পৰিয়াল তথা ইষ্ট-কুটুম্বক একোখন বিহুৱান দিয়া প্ৰথা অতি পুৰণি ৷ সেয়ে এতিয়া ৰাজ্যৰ বজাৰত উভৈনদী হৈ পৰিছে ফুলাম গামোছাৰে ৷ অসমৰ শিপিনীয়ে হাতে বোৱা গামোছা উপলব্ধ হৈ পৰিছে বজাৰসমূহত ৷

কিন্তু ইয়াৰ মাজতেই এটা দুষ্ট চক্ৰই বজাৰত মোকলাই দিছে বহিঃৰাজ্যত উৎপাদিত গামোচা ৷ আন আন ঠাইৰ লগতে গোলাঘাটতো বহিঃৰাজ্যত উৎপাদিত গামোচা বজাৰত উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে । বহিঃৰাজ্যত উৎপাদিত গামোচাই প্ৰত্যাহ্বান কঢ়িয়াই আনিছে শিপিনীসকললৈ । বিহু আহিলেই বজাৰত মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দি থকাতো যেন এতিয়া একপ্ৰকাৰে নিয়মত পৰিণত হৈছে ।

যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিহুত থলুৱা গামোচা ব্যৱহাৰ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে সেই সময়তে একাংশ ব্যৱসায়ীয়ে নিজৰ চাহিদা বৃদ্ধিৰ স্বাৰ্থত বজাৰত বিক্ৰী কৰি আহিছে বহিঃৰাজ্যত উৎপাদিত গামোচা ৷ যাৰ বাবে ৰাজ্যৰ শিপিনীসকলে অৰ্থনৈতিক সংকটত ভোগাও পৰিলক্ষিত হৈছে ৷ সেয়ে এতিয়া এই ক্ষেত্ৰত কঠোৰ ভূমিকা পালন কৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলা প্ৰশাসনে বহিঃৰাজ্যত উৎপাদিত গামোচাৰ বিৰুদ্ধে চলাইছে অভিযান ৷

বহিঃৰাজ্যৰ গামোচা বিক্ৰী কৰাক লৈ তৎপৰ গোলাঘাট জিলা প্ৰশাসন

সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো বহিঃৰাজ্যত উৎপাদিত গামোচা বিক্ৰী কৰাক লৈ এতিয়া তৎপৰ হৈছে গোলাঘাট জিলা প্ৰশাসনৰ লগতে ধনশিৰি মহকুমা প্ৰশাসনো (Obstructs sale of outside made Gamusa in Golaghat) ৷ সোমবাৰে সৰুপথাৰ নগৰৰ বিভিন্ন কাপোৰৰ দোকানত গোলাঘাট জিলা প্ৰশাসনৰ লগতে ধনশিৰি মহকুমা প্ৰশাসনে অভিযান চলোৱা পৰিলক্ষিত হয় ।

ধনশিৰি মহকুমাৰ দণ্ডাধীশ প্ৰাঞ্জীল গগৈৰ নেতৃত্বত সোমবাৰে হস্ততাঁত বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগ, সৰুপথাৰ আৰক্ষীকে ধৰি বহুকেইটা বিভাগৰ যুটীয়া অভিযান চলে সৰুপথাৰ নগৰত । অভিযানকালত কেইবাখনো দোকানত মেচিনেৰে প্ৰস্তুত কৰা গামোচা জব্দ কৰে ধনশিৰি মহকুমা প্ৰশাসনে ।

লগতে পঢ়ক :বাঁহত ওলমি বাদুলী ওলমা ছেও অনুশীলন অশীতিপৰ ওজা জয়ৰাম খঙীয়াৰ

ABOUT THE AUTHOR

...view details