অসম

assam

CRPF বিষয়া স্বামীৰ শাৰীৰিক-মানসিক অত্যাচাৰত আত্মহত্যাৰ চেষ্টা পত্নীৰ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 1:04 PM IST

Updated : Dec 22, 2023, 2:53 PM IST

স্বামীৰ শাৰীৰিক- মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ চেষ্টা চলালে পত্নীয়ে ৷ চাৰিটা ভিন ভিন দৰৱৰ সম্পূৰ্ণ চাৰিটা ষ্ট্ৰিপ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলালে CRPF ৰ বিষয়াৰ পত্নীয়ে ৷

CRPF wife attempt to suicide
CRPF বিষয়া স্বামীৰ শাৰীৰিক-মানসিক অত্যচাৰত আত্মহত্যাৰ চেষ্টা পত্নীৰ

CRPF বিষয়া স্বামীৰ শাৰীৰিক-মানসিক অত্যচাৰত আত্মহত্যাৰ চেষ্টা পত্নীৰ

গোলাঘাট, 22 ডিচেম্বৰ :গোলাঘাট জিলাত ভয়ংকৰ ঘটনা । স্বামীৰ শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ চেষ্টা চলালে পত্নীয়ে ৷ বুধবাৰে দিনৰ ভাগত অসুস্থ হৈ আছিল মহিলাগৰাকী ৷ তাৰ পিচতে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ চিকিৎসকলে মহিলাগৰাকীক খাবলৈ দিয়া চাৰিটা ভিন ভিন দৰৱ দিছিল ৷ পুলিবৰ স্থিত CRPF হেড কোৱাৰ্টাৰৰ ঘৰলৈ আহিয়েই মহিলাগৰাকীয়ে সেই নিশাই ভিন ভিন টেবলেটৰ সম্পূৰ্ণ চাৰিটা ষ্ট্ৰিপ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় ৷ মহিলাগৰাকীৰ স্বামী পেচাত এগৰাকী CRPF ৰ বিষয়া । গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ C sector ত নিয়োজিত CRPF ৰ সহকাৰী কামাণ্ডেন্ট শ্ৰীকান্ত ৷

এই ঘটনাৰ পিচতে সংকটজনক অৱস্থাত মহিলাগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ইয়াৰোপৰি তেলেংগানাৰ হাইদৰাবাদৰ নিৱাসী মহিলাগৰাকীৰ মাতৃকো মানসিক আৰু শাৰিৰীকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে CRPF বিষয়া শ্ৰীকান্তৰ বিৰুদ্ধে । এই ঘটনাই এতিয়া জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

মহিলাগৰাকীয়ে কোৱা অনুসৰি, শ্ৰীকান্তৰ সৈতে তেওঁ দুবছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু তেওঁলোকৰ বিবাহ আইনী প্ৰক্ৰিয়াৰে ৰেজিষ্টাৰে হোৱা নাছিল ৷ তাৰ পিচতে তেওঁৰ স্বামীয়ে তেওঁক বিবাহ বিচ্ছেদৰ কথা কৈছিল ৷ স্বামীয়ে পত্নীৰ বিৰুদ্ধে ভুৱা ডিভৰ্ছ কেচ ফাইল কৰিছে ৷ আনকি স্বামীৰ মাতৃয়েও তেওঁক যৌতুক আৰু সোণৰ বাবে শাৰীৰিক লগতে মানসিক নিৰ্যাতন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ আনকি তেওঁৰ স্বামীয়ে তেওঁক অন্তঃসত্বা হ’বলৈ নিদি দুবাৰকৈ গৰ্ভপাত কৰোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ স্বামীয়ে পত্নীক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি বাৰে বাৰে প্ৰাণ কৰিবলৈ বিচাৰিছিল ৷

উল্লেখ্য যে, CRPF বিষয়াগৰাকীৰ পত্নী উচ্চ শিক্ষিত ৷ তেওঁৰ প্ৰশাসনিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ মন। কিন্তু নিজতকৈ ডাঙৰ পদবীৰ চাকৰিত পত্নীক অৱতীৰ্ণ হ'বলৈ দিবলৈ মন নকৰে CRPF বিষয়া শ্ৰীকান্তে ৷ পত্নীক চৰিত্ৰৰ ওপৰত সন্দেহ কৰি নিৰ্যাতন চলাই আহিছে বুলি অভিযোগ উত্থাপন কৰে পত্নীয়ে ।বৰ্তমানো শ্ৰীকান্তৰ পত্নীয়ে চিকিৎসাধীন হৈ আছে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়ালৈ মুখ খোলা নাই অভিযুক্ত বিষয়া শ্ৰীকান্ত কিম্বা CRPF ৰ বৰমূৰীয়াই। সমগ্ৰ ঘটনা গাপ দিয়াৰো চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে CRPF কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

লগতে পঢ়ক:হোজাইত হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড হত্যাকাৰী গুলজাৰক

Last Updated : Dec 22, 2023, 2:53 PM IST

ABOUT THE AUTHOR

...view details