অসম

assam

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ পৰা উদ্ধাৰ 9mm পিস্তলৰ সজীৱ গুলী

By

Published : Oct 15, 2019, 8:19 AM IST

দুৰ্গা পূজা চাবলৈ গৈ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই লগত আনিলে এটা 9mm পিষ্টলৰ সজীৱ গুলী ৷ ক'ত পালে এই সজীৱ গুলীটো ৷ উক্ত ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীৰ তদন্ত অব্যাহত

স্কুলীয়া ছাত্ৰৰ হাতত 9mm পিস্তলৰ গুলি

গোলাঘাট, 15 অক্টোবৰ:গোলাঘাটত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ চতুৰ্থ শ্ৰেণীৰ স্কুলীয়া ছাত্ৰৰ হাতত উদ্ধাৰ হ'ল 9mm পিস্তলৰ সজীৱ গুলী । ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ ভাষ্য অনুসৰি গোলাঘাট কুশল কোঁৱৰ বাল্য ভৱনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনে আত্মীয়ৰ স'তে বিগত দুৰ্গোৎসৱৰ নৱমী পূজা উপভোগ কৰি আহি থাকোতে পথৰ ওপৰত পাইছিল গুলীটো। সোমবাৰে ছাত্ৰজনে গুলীটো স্কুললৈ আনি সমনীয়াক দেখুৱাই ফলত দুজনমান ছাত্রই শিক্ষকক গুলীটোৰ বিষয়ে অৱগত কৰে ৷ পিচত শিক্ষকে সজীৱ গুলীটো আৰক্ষীক চমজাই দিয়ে। সন্দেহ কৰা অনুসৰি পূজাৰ ভীৰৰ মাজত কোনো আৰক্ষীৰ অসাৱধানতাবশত পথৰ ওপৰত পৰি গৈছিল পিস্তলৰ গুলীটো । গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে গুলীটো জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।

ছাত্ৰৰ হাতত 9mm পিস্তলৰ গুলি

ABOUT THE AUTHOR

...view details