অসম

assam

হাৰিয়ানা আৰু ৰাজস্থানত উদ্ধাৰ অসমৰ দুই মহিলা

By

Published : Feb 15, 2021, 10:16 PM IST

নাৰী সৰবৰাহকাৰীৰ কৱলৰ পৰা দুগৰাকীকৈ মহিলাক উদ্ধাৰ গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ ৷ হাৰিয়ানা আৰু ৰাজস্থানৰ পৰা উদ্ধাৰ কৰে মহিলা দুগৰাকীক ৷

two-women-rescued
হাৰিয়ানা আৰু ৰাজস্থানত উদ্ধাৰ অসমৰ দুই মহিলা

গোৱালপাৰা,15 ফেব্ৰুৱাৰী : সোমবাৰে নাৰী সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হৈছে দুগৰাকীকৈ মহিলা ৷ গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীয়ে হাৰিয়ানা আৰু ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিছে এই দুগৰাকী মহিলাক ।

হাৰিয়ানা আৰু ৰাজস্থানত উদ্ধাৰ অসমৰ দুই মহিলা

অভিযোগ অনুসৰি, দুমাহ পূৰ্বে জলেশ্বৰৰ ছাজেদা বানু নামৰ এগৰাকী মহিলাই ফুচুলাই নি ৰাজস্থানত বিক্ৰী কৰিছিল এগৰাকী মহিলাক। আনহাতে, আন আন এগৰাকী মহিলাক এবছৰ পূৰ্বে হাৰিয়ানালৈ নি বিক্ৰী কৰিছিল কোনো দুষ্ট চক্ৰই ।

অৱশেষত সুযোগ বুজি মহিলা দুগৰাকীয়ে মনে মনে ফোনযোগে নিজ গৃহত যোগাযোগ কৰে । পৰৱৰ্তী সময়ত মহিলাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লক্ষীপুৰ আৰক্ষীৰ এটা দল উপস্থিত হয় উক্ত স্থানত । আৰক্ষীয়ে ফোন নম্বৰৰ সাংকেতিক চিহ্নৰ সহায়ত দুয়োগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :যৌতুকজনিত কাৰণত বোৱাৰী হত্যাৰ অভিযোগ

ABOUT THE AUTHOR

...view details