অসম

assam

Protest in Goalpara : মাননি নহয় মজুৰিহে লাগে অংগনৱাড়ী কৰ্মী-সহায়িকাক

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:29 PM IST

গোৱালপাৰাত চাৰিদফীয়া দাবীত সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ ৷ গোৱালপাৰাৰ পুৰণি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লে কাৰ্ড লৈ, বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

Protest in Goalpara
গোৱালপাৰাত সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

গোৱালপাৰা, 12 অক্টোবৰ : গোৱালপাৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ ৷ চাকৰি নিয়মীয়াকৰণৰ লগতে চাৰিদফীয়া দাবীত সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ হিমন্ত চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল গোৱালপাৰা ৷

বৃহস্পতিবাৰে গোৱালপাৰাত সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাকৰি নিয়মীয়াকৰণকে ধৰি চাৰি দফীয়া দাবী পূৰণৰ বাবে সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই গোৱালপাৰাত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱা আঠ বজাৰ পৰা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই গোৱালপাৰাৰ পুৰণি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লে কাৰ্ড লৈ, বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক :Kamalakhya Dey Purkayastha : বলিষ্ঠ মন্ত্রী পীযুষ হাজৰীকাই চলাই আছে সকলো ছিণ্ডিকেট, ক’লে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই

চাকৰি নিয়মীয়াকৰণকে ধৰি মাননিৰ সলনি পঁচিশ হেজাৰ টকা মজুৰি আদায় দিয়া, মজুৰি দিব নোৱৰালৈকে ১২ হেজাৰকৈ মাননি আদায় দিয়া আৰু অৱসৰী কৰ্মী-সহায়িকা সকলক এককালীন ধন ২৫ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে ৷

প্ৰতিবাদী কৰ্মী-সহায়িকাসকলে 'মোৰ দেশ‌ মোৰ মাটি, আমাক নকৰিবা লটিঘটি, ইনক্লাৱ জিন্দাবাদ, হিমন্ত চৰকাৰ মুৰ্দাবাদ, মাননি নহয় মজুৰি লাগে, আমাৰ চাকৰি নিয়মীয়া কৰক, অংগনৱাড়ী কৰ্মী-সহায়িকা সকলক লৈ হেতালি খেলা নচলিব, আমাৰ দাবী ন্যাৰ্য দাবী, বিজেপি চৰকাৰ নিপাত যাওক আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চলিত বৰ্ষৰ ২৫ অক্টোবৰৰ ভিতৰত অংগনৱাড়ী কৰ্মী-সহায়িকা সকলৰ দাবী মানি নল’লে ইয়াতকৈ অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদী অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে ৷

উল্লেখ্য যে, প্ৰাপ্য দাবীৰে ৰাজ্যজুৰি অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে দীৰ্ঘদিনে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ কিন্তু তেওঁলোকৰ এই দাবী সমূহক এতিয়াও চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে ৷

লগতে পঢ়ক :Himanta Biswa Sarma in Jorhat : গুৱাহাটীত কৃত্ৰিম বান নাইকিয়া কৰিবলৈ বিশ্বকৰ্মাক লাগিব : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details