অসম

assam

জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Aug 14, 2020, 10:47 PM IST

আছা ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক মিঠুৰাজ কিস্কোৱে অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি আৰু অতিশীঘ্ৰে  আদিবাসীসকলক জনজাতিকৰণৰ দাবী কৰে ৷ অন্যথা ধাৰাবাহিকভাৱে আছাই প্ৰতিবাদ কৰি থাকিব বুলিও হুংকাৰ দিয়ে ।

নাহৰকটীয়া
নাহৰকটীয়া

নাহৰকটীয়া, 14 আগষ্টঃ শুকুৰবাৰে বিভিন্ন দাবী সম্বলিত কৰি শালমাৰি চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্র সন্থা ( আছা )ৰ টিংখাং আৰু নাহৰকটীয়া আঞ্চলিক সমিতিয়ে ৷ অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা আৰু আদিবাসীসকলক জনজাতিকৰণ কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে’ কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায় , অসম চৰকাৰ মুৰ্দাবাদ , চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

নাহৰকটীয়া

লগতে পঢ়কঃহিমন্ত বিশ্ব শৰ্মা থকা লৈকে বিজেপি দলৰ ক্ষতি নহয়ঃ স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছা ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক মিঠুৰাজ কিস্কোৱে অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি আৰু অতিশীঘ্ৰে আদিবাসীসকলক জনজাতিকৰণৰ দাবী কৰে ৷ অন্যথা ধাৰাবাহিকভাৱে আছাই প্ৰতিবাদ কৰি থাকিব বুলিও হুংকাৰ দিয়ে । উক্ত কাৰ্যসূচীত আছা টিংখাং আৰু নাহৰকটীয়া আঞ্চলিক সমিতিৰ লগতে মিঠাপট্টি আছা শালমাৰি চাহ বাগিচা প্ৰাথমিক গোটৰ বহু আছাকৰ্মী আৰু শালমাৰি চাহ বাগিচাৰ বহু শ্ৰমিকে অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details