অসম

assam

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাপৰত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Feb 22, 2021, 10:49 PM IST

অসমত বাৰে বাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম অহাৰ উদ্দেশ্যে এইবাৰ ফাদিল কৰিলে কংগ্ৰেছে । অসমৰ সম্পদসমূহ চালি জাৰি চাই কেনেদৰে বিক্ৰী কৰিব পাৰে তাৰবাবে বাৰে বাৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসমলৈ আহে বুলি উল্লেখ কৰে কংগ্ৰেছী নেতা তথা পুঠিমাৰী জিলা পৰিষদৰ সদস্য আশাদ আলীয়ে ।

CONGRESS PROTEST AT BILAHIPARA
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাপৰত কংগ্ৰেছৰ প্ৰতিবাদ

বিলাসীপাৰা, ২২ ফেব্ৰুৱাৰী :বিলাসীপাৰাৰ চাপৰ-শালকোচা ব্ল’ক কংগ্ৰেছৰ উদ্যোগত পূৱ বিলাসীপাৰাৰ চাপৰৰ আৰেয়াৰঝাৰস্থিত পে’ট্ৰল পাম্পৰ সন্মুখত সোমবাৰ শতাধিক কংগ্ৰেছী কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পে’ট্ৰল আৰু ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী নেতা কৰ্মীসকলে । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায়-হায়, নৰেন্দ্ৰ মোদীয়ে হায়-হায়, মূল্যবৃদ্ধি ৰোধ কৰক, পে’ট্ৰল-ডিজেলৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰক আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে চাপৰ-শালকোচা ব্লক কংগ্ৰেছে ।

কংগ্ৰেছী নেতা তথা পুঠিমাৰী জিলা পৰিষদৰ সদস্য আশাদ আলীয়ে প্ৰতিবাদস্থলীত শাসকীয় বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ সম্পদসমূহ চালি জাৰি চাই কেনেদৰে বিক্ৰী কৰিব পাৰে তাৰবাবে বাৰে বাৰে অসমলৈ আহিছে বুলি অভিযোগ কৰে ।

লগতে পঢ়ক :পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details