অসম

assam

ধুবুৰীত বিজেপি কৰ্মীৰ প্ৰতিবাদ

By

Published : Mar 6, 2021, 4:22 PM IST

ধুবুৰী বিধানসভা সমষ্টিত বিজেপিৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপিৰ প্ৰাৰ্থীত্ব প্রত্যাশী মতিউৰ ৰহমানৰ সমৰ্থক সকলে ধৰ্মশালা বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে ।

ধুবুৰীত বিজেপি কৰ্মীৰ প্ৰতিবাদ
ধুবুৰীত বিজেপি কৰ্মীৰ প্ৰতিবাদ

ধুবুৰী,৬ মাৰ্চ:ধুবুৰী বিধানসভা সমষ্টিত বিজেপিৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ। বিজেপিৰ ধৰ্মশালা মণ্ডলৰ বিজেপি কৰ্মী সকলে ধৰ্মশালা বজাৰত হাতে হাতে দলীয় পতাকা লৈ বিজেপিৰ প্ৰাৰ্থীত্ব প্রত্যাশী মতিউৰ ৰহমানৰ সমৰ্থক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

ধুবুৰীত বিজেপি কৰ্মীৰ প্ৰতিবাদ

উল্লেখ্য যে, ধুবুৰী সমষ্টিত বিগত তিনিবাৰকৈ বিধানসভা আৰু এবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় হৈছিল বৰ্তমানৰ জিলা সভাপতি ডাঃ দেৱময় সান্যালে। এইবেলি পুণৰ ডাঃ দেৱময় সান্যালক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা হ'ব বুলি চৰ্চা চলিছে বিজেপি দলৰ ভিতৰচ'ৰাত । তেনে সময়তে শনিবাৰে ধুবুৰী সমষ্টিৰ ধৰ্মশালা মণ্ডল বিজেপিৰ কৰ্মী সকলে ধুবুৰী সমষ্টিত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সংখ্যালঘু অধ্যুষিত সমষ্টিত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিলে এইবেলি ধুবুৰী সমষ্টি বিজেপিৰ দখলত আহিব বুলি দাবী কৰে বিজেপি কৰ্মীসকলে ।

লগতে পঢ়ক:ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ

ABOUT THE AUTHOR

...view details