অসম

assam

চিৰাঙৰ বিজনীসত্ৰত উপস্থিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

By

Published : Oct 16, 2021, 8:39 PM IST

চিৰাঙৰ বিজনীসত্ৰত উপস্থিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বিজনীসত্ৰত চাৰিদিনীয়াকৈ আয়োজন কৰা গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ শনিবাৰে দ্বিতীয় দিন । উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

চিৰাং, 16 অক্টোবৰ : বিজনী সত্ৰত গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মমহোৎসৱ চাৰি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সত্ৰ পৰিচালনা কমিটীয়ে । শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শিল্পী তৰালি শৰ্মাকে আদি কৰি বহুলোক ।

চিৰাঙৰ বিজনীসত্ৰত উপস্থিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

উল্লেখযোগ্য যে, অসম চৰকাৰৰ অসম দৰ্শন কাৰ্যসূচীৰ আধাৰত দহ লাখ টকাৰে নিৰ্মিত বিজনী সত্ৰৰ ৰাঙীয়াল গৃহৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । ৰঙীয়াল গৃহৰ উদ্বোধন কৰাৰ পাছতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ জড়িয়তে গুৰুজনাৰ আদৰ্শ ৰক্ষাৰ প্ৰয়াস কৰিছে বুলি উল্লেখ কৰে ।

গতিকে আমি সকলৱে যাতে গুৰুজনাৰ আদৰ্শ ৰক্ষা কৰি সমাজ খনক আগুৱাই নিব পাৰো তাৰে কামনা কৰে । মন্ত্ৰী জনে লগতে কয় যে, বিটিচিত বিজেপি মিত্ৰজোঁটত গণ সুৰক্ষা দল(জিএচপি) আছে যদিও অসম বিধান সভাত মিত্ৰতা নাই । একেদৰে উপ নিৰ্বাচনতো নাই । গতিকে কোনোবা আহিব বিচাৰিলে বা সমৰ্থন দিব বিচাৰে স্বাগতম জনোৱাৰ কথা কয় মন্ত্ৰীজনে ।

চিৰাঙৰ বিজনীসত্ৰত উপস্থিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

একেদৰে জিএচপিৰ একমাত্ৰ পাৰিষদ তথা বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত ৰণজিৎ কুমাৰ দাসে কয় দলৰ মজিয়াত সেয়া আলোচনা কৰা হ’ব । উক্ত অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় ৰায়, বিটিআৰৰ পাৰিষদ প্ৰদীপ বায়ন, বিজনী মহকুমাধিপতি দিবাকৰ নাথ, জিলা আৰক্ষী অধীক্ষক প্ৰাঞ্জিত বৰাকে আদি বহু সংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়কঃ ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা

ABOUT THE AUTHOR

...view details