অসম

assam

হোজাইৰ উচ্ছেদৰ বিৰুদ্ধে চিৰাং আমছুৰ প্ৰতিবাদ

By

Published : Jun 7, 2021, 11:01 PM IST

চিৰাং জিলা আমছুৰ উচ্ছেদৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল । উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান ।

Chirang AAMSU protest against Eviction in Covid
হোজাইৰ উচ্ছেদৰ বিৰুদ্ধে চিৰাং আমছুৰ প্ৰতিবাদ

চিৰাং, 7 মে' :মহামাৰী ক’ভিডৰ সময়ত উচ্ছেদৰ বিৰোধিতা আমছুৰ । সমগ্ৰ অসমৰ লগতে চিৰাঙৰ কাজলগাঁৱত আমছুৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷ চিৰাঙত আমছু কৰ্মী সকলে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ জনোৱাৰ লগতে জিলা উপায়ুক্তৰ জড়িয়তে স্মাৰক প্ৰদান কৰে মুখ্যমন্ত্ৰীলৈ ।

হোজাইৰ উচ্ছেদৰ বিৰুদ্ধে চিৰাং আমছুৰ প্ৰতিবাদ

অসম চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে সোমবাৰে সমগ্ৰ অসমৰ লগতে চিৰাং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চিৰাং জিলা আমছুৱে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰক, ভূমিহীন মানুহক ভূমি প্ৰদান কৰক, গৰাখহনীয়াত গৃহহীন হোৱা লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবীৰে হাতত প্লে’কাৰ্ড লৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চিৰাং জিলা আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ।

চিৰাং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে চিৰাং জিলা আমছুৱে । জিলা সভাপতি নাজিৰ ৰহমানৰ নেতৃত্বত ৰূপায়ণ হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক :চিকিৎসক নিগ্ৰহৰ ঘটনাক লৈ হেল্থ চিটি হাস্পতালেও সাব্যস্ত কৰিলে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details