অসম

assam

ভিন্ন দাবীৰে ৰাজ্যজুৰি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Sep 25, 2020, 5:52 PM IST

Updated : Sep 25, 2020, 7:49 PM IST

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা

19:45 September 25

গোঁসাইগাঁৱতো আদিবাসী ছাত্ৰ সন্থাৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

গোঁসাইগাঁৱতো আদিবাসী ছাত্ৰ সন্থাৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

কোকৰাঝাৰ:কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱতো শুকুৰবাৰে আদিবাসী ছাত্ৰ সন্থাই ৰূপায়ণ কৰিলে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ জনজাতিকৰণকে ধৰি অসমৰ ৮৫৫ চাহ বাগিছাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা,ভূমি পট্টা প্ৰদান কৰা আৰু ৰাজ্যখনৰ চাহ বাগিছাৰ উপৰিও গ্ৰামাঞ্চলৰ আদিবাসী অধ্যুষিত এলেকাত হাইস্কুল স্থাপন কৰাৰ দাবী জনালে সংগঠনটোৱে ৷

17:07 September 25

চিৰাঙত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

চিৰাঙত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

চিৰাং: অসমৰ আদিবাসী সকলক জনজাতিকৰণ নকৰিলে অসমক পুনৰ উত্তপ্ত কৰি তোলাৰ দাবীৰে চিৰাঙতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা ১১ বজাৰ পৰা দিনৰ 1 বজালৈ আছাৰ চিৰাং জিলা সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

17:04 September 25

সোণাৰিতো প্ৰতিবাদ সাব্যস্ত আদিবাসী ছাত্ৰ সন্থাৰ

সোণাৰিতো প্ৰতিবাদ সাব্যস্ত আদিবাসী ছাত্ৰ সন্থাৰ

শিৱসাগৰ:আনহাতে অনুৰূপ প্ৰতিবাদ পৰিলক্ষিত হ'ল শিৱসাগৰৰ সোণাৰিতো ৷ সোণাৰিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আদিবাসী সকলক জনজাতিকৰণ কৰা,চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবী জনালে প্ৰতিবাদকাৰী সকলে ৷

16:08 September 25

বিশ্বনাথত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বিশ্বনাথত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বিশ্বনাথ, 25 ছেপ্তেম্বৰ:শুকুৰবাৰৰ দিনটোত ৰাজ্যজুৰি তোলপাৰ লগাইছে প্ৰতিবাদে ৷ এফালে কৃষি বিধেয়কৰ বিৰোধিতাৰে ভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য প্ৰান্তত জনজাতিকৰণকে ধৰি ভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম আদিবাসী ছাত্ৰ সন্থাই ৷ গহপুৰ আৰু বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাই শুকুৰবাৰে বিশ্বনাথৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জনজাতিকৰণ, চাহ শ্ৰমিক সকলক ৩৫০ টকা দৈনিক মজুৰি, ভূমি পট্টা প্ৰদান আদিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

Last Updated : Sep 25, 2020, 7:49 PM IST

ABOUT THE AUTHOR

...view details