অসম

assam

হোটেল শ্বুলিন গ্ৰেণ্ড কাণ্ড : জিলা প্ৰশাসনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ

By

Published : Jun 11, 2019, 1:55 PM IST

১ তাৰিখে সংঘটিত অপ্ৰীতিকৰ কাণ্ডৰ পাছতে কামৰূপ জিলা প্ৰশাসনে বাতিল কৰিছে হোটেল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞাপত্ৰ ৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে গ্ৰহণ কৰে কঠোৰ ব্যৱস্থা ৷

হোটেল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞা বাতিল

গুৱাহাটী, 11 জুন : গুৱাহাটী মহানগৰীৰ আগশাৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞাপত্ৰ বাতিল কৰিছে কামৰূপ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে ৷ একেটা ভৱনতে সংলগ্ন আন এখন ৰেষ্টুৰেন্টত শ্বুলিন গ্ৰেণ্ডৰ কৰ্মচাৰীয়ে পানীয় যোগান ধৰাৰ চিচিটিভি ফুটেজ ধৰা পৰাৰ পাছতে এই নিৰ্দেশ জাৰী কৰে প্ৰশাসনে ৷

চলিত মাহৰ ১ তাৰিখে হোটেলখনত এই অপ্ৰীতিকৰ কাণ্ড সংঘটিত হোৱাৰ পাছতে মহানগৰীৰ ৰুক্মিনীগাঁওস্থিত শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞা বাতিল কৰা হয় ৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত জিলা উপায়ুক্ত গৰাকীয়ে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

মহানগৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞা বাতিল।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে নিৰ্দেশ দিলে অনুজ্ঞা বাতিলৰ।একেটা ভৱনত সংলগ্ন 'da vue' ৰেণ্টুৰেণ্টত শ্বুলিন গ্ৰেণ্ডৰ কৰ্মচাৰীয়ে পানীয় যোগান ধৰাটো প্ৰমাণিত হ'ল চিচি টিভি কেমেৰাত। ১ জুনত হোটেলখনত সংঘটিত হৈছিল অপ্ৰীতিকৰ কাণ্ড।

অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। মহানগৰীৰ ৰুক্মিনীগাওঁ স্থিত হোটেল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞা বাতিল। একেটা ভৱনত সংলগ্ন 'da vue' ৰেণ্টুৰেণ্টত শ্বুলিন গ্ৰেণ্ডৰ কৰ্মচাৰীয়ে পানীয় যোগান ধৰাটো প্ৰমাণিত হ'ল চিচি টিভি কেমেৰাত।

 শ্বুলিন গ্ৰেণ্ডৰ IMFL (hotel On)অনুজ্ঞা বাতিল ততালিকে হ'ব প্ৰযোজ্য। ১ জুনত হোটেলখনত সংঘটিত হৈছিল অপ্ৰীতিকৰ কাণ্ড। মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে যাৱতীয় ব্যৱস্থা ল'লে হোটেলখনৰ অনুজ্ঞা বাতিলৰ।


Conclusion:

ABOUT THE AUTHOR

...view details