অসম

assam

কিন্নৰ সকলৰ বিকাশৰ বাবে বিশেষ অনুস্থান ‘অস্থিত্ব’

By

Published : Aug 23, 2019, 3:55 PM IST

বেচৰকাৰী স্বেচ্ছাসেৱী সন্থা আশ্বাস আৰু নব্য একেলগে মিলি শিলচৰত কিন্নৰ সকলৰ বিকাশৰ বাবে বিশেষ অনুস্থান ‘অস্থিত্ব’ অনুষ্ঠিত কৰে ৷ কিন্নৰ সকলক চব কা সাঁথ চবকা বিকাশৰ সৈতেও জড়িত কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী লৈও আৱেদন জনায় ৷

কিন্নৰ সকলৰ বিকাশৰ বাবে বিশেষ অনুস্থান ‘অস্থিত্ব’

শিলচৰ, 23 আগষ্টঃ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ আশ্বাস আৰু নব্য একেলগে মিলি শিলচৰত কিন্নৰ সকলৰ শিক্ষা,সামাজিক মৰ্যদা প্ৰতিষ্ঠা আদি বিষয়ত আলোকপাত কৰি এখন সচেতনতা সভা আয়োজন কৰে। অস্তিত্ব নামৰ এই অনুষ্ঠানত চহৰখনৰ এচাম বিশিষ্ট ব্যক্তিৰ লগতে ৰাজনৈতিক নেতাও উপস্থিত থাকে ৷ উক্ত অনুস্থানত নতুন সাজ পোছাকেৰে সু-সজ্জিত কিন্নৰ সকলক সম্বৰ্ধনাও জনোৱাৰ লগতে কিন্নৰসকলৰ নানা সমস্যা ডাঙি ধৰি বিভিন্ন নাট আৰু বক্তব্যও ৰখা হয়। এই দুয়োটা স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মকৰ্তাসকলে কিন্নৰ সকলক অৱহেলা নকৰি তেওঁলোকক সামাজিক মৰ্যদা প্ৰদান,তেওঁ লোকক সমাজত গুৰুত্ব দিয়া,তেওঁলোকৰ উপযুক্ত শিক্ষাৰ ব্যবস্থা কৰাৰ বাবে সকলো ব্যক্তিক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ আনহাতে,তেওঁলোকক চব কা সাথ চব কা বিকাশৰ সৈতেও জড়িত কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী লৈ আৱেদন জনায় ৷

কিন্নৰ সকলৰ বিকাশৰ বাবে বিশেষ অনুস্থান ‘অস্থিত্ব’

ABOUT THE AUTHOR

...view details