অসম

assam

বঙাইগাঁৱত কাঠফলা মিল সহ লক্ষাধিক টকাৰ কাঠ জব্দ

By

Published : Jun 2, 2021, 1:44 PM IST

বঙাইগাওঁ জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ১ ম খণ্ডত বন বিভাগৰ অভিযান ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নাম্বাৰপাৰা আৰু নাগৰি বজাৰত অবৈধ কাঠফলা মিল সহ কেইবা লাখ টকাৰ কাঠ জব্দ কৰে বন সুৰক্ষা কৰ্মীয়ে ।

wood-and-mill-seized-at-manikpur
বঙাইগাঁৱত কাঠফলা মিল সহ লক্ষাধিক টকাৰ কাঠ জব্দ

মাণিকপুৰ, 2 জুন :বুধবাৰে পুৱা বঙাইগাঁও জিলাত অভিযান চলাই দুটা কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে বন সুৰক্ষা বিভাগে ৷ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ১ ম খণ্ড আৰু মাণিকপুৰ আৰক্ষী থানাৰ ছালাবিলাৰ নাগৰিক বজাৰত বঙাইগাঁও আইভেলি ডিভিজন আৰু বন সুৰক্ষা বিভাগে চলাইছিল এই অভিযান ৷

বঙাইগাঁৱত কাঠফলা মিল সহ লক্ষাধিক টকাৰ কাঠ জব্দ

দীৰ্ঘদিন ধৰি চোৰাং কাঠ বেপাৰীয়ে অবৈধ ভাৱে কাঠফলা মিল চলাই আহিছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বন বিভাগে মঙলবাৰে এক গোপন সূত্ৰৰ পম খেদি হাৰমতীৰ এখন ধাবাৰ সন্মুখৰ পৰা এছ২৩চিচি ৪৯৪৫ নম্বৰৰ বাহনখনত কাঠফলা মিলকে ধৰি বুজন পৰিমাণৰ কাঠ কঢ়িয়াই অনা বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা কাঠখিনিৰ মুল্য প্ৰায় ৩.৫ লাখ টকা হ’ব বুলি উল্লেখ কৰে বন বিষয়াই ৷ অৱশ্যে অবৈধ কাঠফলা মিলৰ লগত জড়িত এজনকো আটক কৰিবলৈ সক্ষম নহ’ল বন বিভাগ ।

লগতে পঢ়ক : ৰাজনৈতিক ক্ষেত্ৰৰ ৰণ পালেহি ঘৰৰ চোতাল: আহত ছজন

ABOUT THE AUTHOR

...view details