অসম

assam

অব্যাহত আছে আই নৈৰ তাণ্ডৱ: জলমগ্ন কুৰিৰো অধিক গাঁও

By

Published : Aug 27, 2021, 7:41 AM IST

বৰ্তমানো অপৰিৱৰ্তিত অৱস্থাত আছে আই নদীৰ বান ৷ বানৰ কৱলত মাণিকপুৰ ৰাজহ চক্ৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কিৰিৰো অধিক গাঁও ৷ বনাক্ৰান্তক সামান্যতম ৰেচন দিয়ে দায়িত্ব সামৰিছে জিলা প্ৰশাসনে ৷

manikpur-flood-update-etv-bharat-assam-news
অব্যাহত আছে আই নৈৰ তাণ্ডৱ

মাণিকপুৰ,27 আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁৱৱৰ ৰাইজ বানপানীৰ কৱলত পৰি জীয়াতু ভুগিব লগা হৈছে । আই নদীৰ বাঢ়নী পানীত 20 খনৰো অধিক গাঁও বৰ্তমানে জলমগ্ন হৈ আছে । বাশবাৰী-ভাণ্ডাৰা গড়কাপ্তানি পথৰ ওপৰেদি ভাগৰিছে পানী । বুধবাৰে নিশাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰা পৰিলক্ষিত হয় ।

বানৰ ফলত মানুহৰ লগতে পশুধনো পৰিছে সংকটত । জানিব পৰা মতে ইতিমধ্যে খাদ্যৰ অভাৱত ভালেকেইটা পশুধন মৃত্যু মুখত পৰিছে । পানীৰ তলত ডুব গৈছে ডাংগাইগাঁও, কীৰ্তন পাৰা সংযোগী পকী পথ । পথৰ ওপৰত এককাল পানী । মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বাশবাৰী, ভাণ্ডাৰা, বালাৰপেট, টিয়াপাৰা, জামদহা, টেনটনপুৰ, কাহীবাৰী, কাছাৰপেটি, নাৰাভিটা, হালধীবাৰী, সাজালপাৰা আদি কৰি বৃহত্তৰ অঞ্চল এতিয়া পানীৰ তলত।

অব্যাহত আছে আই নৈৰ তাণ্ডৱ

ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত হৈ যোৱা বানপানীৰ আৰু গৰাখহনীয়াই সৰ্বহাৰা কৰি থৈ যোৱাৰ দুদিন পাৰ নহওতেই ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ আই নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে গতি কৰাত উত্তৰ অভয়াপুৰী সমষ্টিৰ ন ন অঞ্চল প্লাৱিত হয় ।

ইফালে বানাক্ৰান্ত লোকৰ মাজত পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰা হোৱা নাই বুলি অভিযোগ উঠিছে । আনফালে পশুধনৰ বাবেও কোনো খাদ্যৰ ব্যৱস্থা কৰা নাই প্ৰশাসনে । ইয়াৰ বিপৰীতে সামান্যতম কিছু ৰেচন দিয়ে জিলা প্ৰশাসনে দায়িত্ব সামৰাৰ অভিযোগ । কোনো ধৰণৰ চিকিৎসা ব্যৱস্থাও লোৱা নাই প্ৰশাসনে ।

মহামাৰী ক’ৰণাই বিভিষীকাময় পৰিবেশৰ মাজতে সামাজিক দূৰত্ব নেওচি মানুহে-জন্তুৱে একেলগে সহবাস কৰিবলগীয়া হৈছে । এই ভয়ংকৰ পৰিৱেশৰ মাজত যে কৰ’ণাৰ সংক্ৰমণ নহ’ব সেই কথা নুই কৰিব নোৱাৰি । এই ক্ষেত্ৰত জিলা প্ৰসাশনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

লগতে পঢ়ক:ৰাজ্যিক কেবিনেটত নিবনুৱাৰ বাবে ভাল খবৰ: অচিৰেই মুকলি হ'ব বহু পদ

ABOUT THE AUTHOR

...view details