অসম

assam

মনোমোহা উদ্যান সদৃশ অসমৰ এখন জিলা কাৰাগাৰ

By

Published : Oct 27, 2021, 3:24 PM IST

Updated : Oct 27, 2021, 5:51 PM IST

বিশ্বনাথ জিলা কাৰাগাৰ(Biswanath District Jail)ত এক উদ্যান সদৃশ পৰিৱেশ বিৰাজমান ৷ কাৰাগাৰখনৰ কয়দীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ বিভিন্ন সামগ্ৰীৰ উপৰিও চকী আৰু মেজ ৷ কাৰাগাৰখনৰ এই দৃশ্যই হিয়া-মন জুৰ কৰি পেলাইছে কাৰাগাৰত প্ৰৱেশ কৰা প্ৰত্যেকগৰাকী লোকৰ ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

prisoners made bamboo iteams biswanath district jail
বিশ্বনাথ জিলা কাৰাগাৰত বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ

বিশ্বনাথ, 27 অক্টোবৰ : সাধাৰণতে কাৰাগাৰ বুলি ক’লে আমি সকলোৱে উচপ খাই উঠো ৷ কাৰাগাৰ বুলি ক’লেই যেন এক ভয়ানক দৃশ্য প্ৰতিফলিত হয় আমাৰ মনত ৷ কিন্তু বিশ্বনাথ জিলা কাৰাগাৰ(Biswanath District Jail)ত প্ৰতিফলিত হয় ইয়াৰ ওলোটা ছবি ৷ কিয়নো এক উদ্যান সদৃশ পৰিৱেশে বিৰাজ কৰিছে বিশ্বনাথ জিলা কাৰাগাৰত ৷

কাৰাগাৰখনৰ চৌহদৰ দৃশ্য দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে, আচলতে আপুনি কোনো উদ্যানৰ ভিতৰত আছে নে কাৰাগাৰ চৌহদৰ ভিতৰত আছে । কাৰাগাৰৰ ভিতৰ চ’ৰাত কয়দী(Prisoner)ৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ বিভিন্ন আটকধুনীয়া সামগ্ৰীয়ে ৷ কয়দীসকলৰ এই প্ৰশংসনীয় কামৰ আঁৰত আছে বিশ্বনাথ জিলা কাৰাধ্যক্ষ ৰবিৰাম ইংতি ৷

কাৰাবন্দীসকলৰ দ্বাৰা নিৰ্মিত এই সামগ্ৰীসমূহে মোহিত কৰিছে কাৰাগাৰলৈ অহা প্ৰত্যেকগৰাকী লোকক ৷ কাৰাবন্দীসকলক সাক্ষাৎ কৰিবলৈ অহা লোকৰ জিৰণী কোঠাত নিৰ্মাণ কৰা হৈছে সামগ্ৰীসমূহ ৷ কেৱল সেয়াই নহয়, আটকধুনীয়া সামগ্ৰীৰ উপৰিও জিৰণী কোঠাত বহিব পৰাকৈ সম্পূৰ্ণ বাঁহেৰে কাৰাবন্দীসকলে নিৰ্মাণ কৰি উলিয়াইছে চকী আৰু মেজ ৷

কাৰাগাৰ নহয় যেন এখন মনোমোহা উদ্যানহে

আধুনিকতাৰ ন-উদ্ভাৱন ম’বাইল ষ্টেণ্ড বাঁহেৰেই সাজি উলিয়াইছে কয়দীসকলে ৷ কাৰাবন্দীসকলে নিৰ্মাণ কৰা এই সামগ্ৰীসমূহে এতিয়া কাৰাগাৰ চৌহদত প্ৰৱেশ কৰা লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

কাৰাবন্দীসকলৰ মাজত থকা লুকাই থকা প্ৰতিভাসমূহ যাতে লুপ্ত হৈ নাযায়, লগতে কাৰাবাস অন্তৰ পাচত কয়দীসকলে এক সুন্দৰ জীৱন আঁকোৱালি ল’ব পাৰে, সেইবাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে কাৰাগাৰখনৰ ভাৰপ্ৰাপ্ত অধীক্ষক বিশ্বজিৎ শইকীয়াই ৷

লগতে পঢ়ক :মন্দাৱস্থাৰ মাজতে দীপাৱলীক লৈ মাটিৰ চাকি প্ৰস্তুত মৃৎশিল্পীৰ

Last Updated : Oct 27, 2021, 5:51 PM IST

ABOUT THE AUTHOR

...view details