অসম

assam

Howly drugs case: হাউলীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

By

Published : Jan 14, 2023, 9:14 AM IST

বৰপেটাৰ হাজিপাৰাৰ জয়েন বজাৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২৩২ গ্ৰাম সন্দেহজনক ড্ৰাগছ (Drugs seized in Howly)। শ্বৰিফুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে । পূৰ্বেও ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল শ্বৰিফুল ।

Howly drugs case
হাউলীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

হাউলীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

বৰপেটা, ১৪ জানুৱাৰী:অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Anti drugs operation of Assam Police)। ইয়াৰ মাজতেবৰপেটা আৰক্ষীৰ এক বৃহৎ সফলতা । বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ হাউলী আৰক্ষী (Drugs seized in Howly)। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে (Raid against drugs)। বৰপেটা জিলাৰ হাউলী আৰক্ষীয়েও এই বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিদিনে অভিযান চলাইছে ৷ তেনে এক অভিযানৰ মাজতে শুকুৰবাৰে হাউলী আৰক্ষীয়ে হাজিপাৰাৰ জয়েন বজাৰত অভিযান চলাই ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drug peddler arrested at Howly)৷

ড্ৰাগছ সৰবৰাহকাৰীটো হাউলী হাজিপাৰাৰ অমিৰ হুছেইনৰ পুত্ৰ শ্বৰিফুল ইছলাম বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰী শ্বৰিফুল ইছলামৰ পৰা আৰক্ষীয়ে ৬ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে । য'ত ২৩২.৭৯ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ পোৱা গৈছে ৷ লগতে আৰক্ষীয়ে দুটা মোবাইল ফোন আৰু নগদ ৭ হাজাৰ ৩৮০ টকাও জব্দ কৰিছে ৷

ৰাজহচক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা, চক্ৰ পৰিদৰ্শক চানক্য দেউৰী তথা হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযানটো ৷ জানিব পৰা মতে ধৃত সৰবৰাহকাৰীটো পূৰ্বেও ড্ৰাগছ সৰাহবৰাহ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৷ জামিনত ওলাই আহি পুনৰ এই ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিছে লোকজন । দীৰ্ঘদিনৰ পৰাই লোকজনে এই ব্যৱসায় কৰি আছিল বুলিও আৰক্ষীয়ে উল্লেখ কৰে (Howly police raid against drugs)। ইফালে ড্ৰাগছৰ বিৰুদ্ধে হাউলী আৰক্ষীৰ এনে পদক্ষেপক স্থানীয় লোকসকলে প্ৰশংসা কৰিছে ।

লক্ষণীয়ভাৱে অসমৰ আৰক্ষীয়ে ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পাছতো কিন্তু ৰাজ্যত এই সামগ্ৰীবোৰৰ ব্যৱসায় চলিয়ে আছে (Drugs smuggling in Assam)। আৰক্ষীৰ চকুত ধুলি দি একাংশ দুষ্টচক্ৰই এই ব্যৱসায় চলাই গৈছে । সৰবৰাহৰ ক্ষেত্ৰত আনকি নতুন নতুন কৌশলো অৱলম্বন কৰিছে সৰবৰাহকাৰীসকলে ।

লগতে পঢ়ক :Gamblers arrested: যোৰহাটত আৰক্ষীৰ সফলতা, আৰক্ষীৰ জালত চাৰি জুৱা-সম্ৰাট

ABOUT THE AUTHOR

...view details