ETV Bharat / state

Gamblers arrested: যোৰহাটত আৰক্ষীৰ সফলতা, আৰক্ষীৰ জালত চাৰি জুৱা-সম্ৰাট

author img

By

Published : Jan 13, 2023, 1:33 PM IST

ৰাজ্যজুৰি অসামাজিক কাৰ্যকলাপ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে যোৰহাট আৰক্ষীয়ে অভিযান চলাই চাৰিটা জুৱাৰীক আটক কৰে (Gamblers arrested by police) ৷

Four gamblers arrested by police in Jorhat
যোৰহাটত আৰক্ষী জালত চাৰি জুৱাৰী

যোৰহাট, 13 জানুৱাৰী: ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ পিছতো গা ল’ৰা নাই একাংশ অপৰাধীৰ (Anti drugs operation in Assam) ৷ প্ৰতিদিনেই অপৰাধীয়ে ন ন কৌশলেৰে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ লগতে বিভিন্ন অনৈতিক কাৰ্যত লিপ্ত হৈ থকাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷

শেহতীয়াকৈ ড্ৰাগছ আৰু জুৱাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হৈছে যোৰহাট আৰক্ষী (Jorhat Police) ৷ ড্ৰাগছ আৰু জুৱাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীয়ে লাভ কৰে আন এক সফলতা ৷ 12 জানুৱাৰীত যোৰহাট আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰিটাকৈ জুৱা সম্ৰাটক(Gambling emperor arrested in Jorhat) ৷

প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাট আৰক্ষীয়ে অভিযান চলাই নগৰৰ ৰজামৈদাম নিউ কলনীৰ পৰাৰ জুৱা খেলি থকাৰ অৱস্থাতে জুৱাৰী চাৰিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Four gamblers in Jorhat)। গ্ৰেপ্তাৰ হোৱা জুৱাৰীকেইটা হ’ল আমিন আলী, মহিবুদ্দিন আলী, পাপু আলী আৰু মকিবুৰ ৰহমান ৷ আৰক্ষীয়ে জুৱাৰীকেইটা পৰাৰ কাৰ্ড, 27,410 টকা নগদ ধন আৰু চাৰিটা মবাইল ফোন জব্দ কৰিছে ৷ আৰক্ষীয়ে জুৱাৰীকেইটাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত 22/23 নম্বৰত আসাম গেম্বলিং এক্টৰ 14/15/16 ৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি ধৃত আটাইকে আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে ৷

তাপৰ্যপূৰ্ণ যে যোৰহাট নগৰৰ ৰজামৈদাম নিউ কলনী, টকাইপট্ৰি, মেছট্ৰপট্ৰি, বৰিগাঁও আদি অঞ্চলসমূহত দীৰ্ঘদিনে বিভিন্ন অ-সমাজিক কাৰ্যকলাপ সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ এই অঞ্চলসমূহত একাংশই জুৱাৰ দৰে সমাজৰ বিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিছে আৰু এই কাৰ্যকলাপ সমূহৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে যোৰহাট আৰক্ষী ৷ ফলত আৰক্ষীৰ সক্ৰিয়তাৰ বাবেই ৰজামৈদাম নিউ কলনীৰ পৰাৰ জুৱাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, যোৰহাট জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে ড্ৰাগছ, গাঞ্জা আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ লগতে ধাৰাবাহিকভাৱে সফলতাও লাভ কৰি আহিছে ৷ আনহাতে যোৰহাটৰ নাওবৈচাৰ পৰা বৃহস্পতিবাৰে পুৱা যোৰহাট জিলা উপ আৰক্ষী অধীক্ষক স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই 20 কেজি গাঞ্জাসহ নগদ 7 লাখ টকা জব্দ কৰে ৷ যোৰহাট নাওবৈচাৰ জিতুল বৰাৰ আৰু দীপ্তি বৰাৰ বাসগৃহৰ পৰাৰ উদ্ধাৰ কৰা হৈছিল বৃহৎ পৰিমানৰ গাঞ্জা আৰু নগদ ধনখিনি (Ganja and cash seized by Police) ৷

লগতে পঢ়ক: Illegal train ticket booking racket: ৰেলৰ টিকটৰ অবৈধ ব্যৱসায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.