অসম

assam

Minister Ranjit Dass at Barpeta: কংগ্ৰেছৰ পৰা লোকসভাৰ তিনিখন আসন কাঢ়িব বিজেপিয়ে

By

Published : Jul 20, 2022, 12:37 PM IST

কংগ্ৰেছৰ দখলত থকা তিনিখন লোকসভাৰ আসন বৰপেটা, কলিয়াবৰ আৰু নগাঁও দখলৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে(BJP is trying to win three Lok Sabha seats) ৷ আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ পৰা অতিৰিক্ত আন তিনিখন লোকসভাৰ আসন ৰাষ্ট্ৰীয় নেতৃত্বই বিচৰা বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ।

bjp-is-trying-to-win-three-lok-sabha-seats-in-lok-sabha-elections-says-ranjeet-kumar-dass
কংগ্ৰেছৰ দখলত থকা বৰপেটাৰ তিনিটা লোকসভাৰ আসন দখলৰ লক্ষ্য লৈছে বিজেপিয়ে: ৰণজিৎ কুমাৰ দাস

বৰপেটাৰোড 19 জুলাই : আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ পৰা অতিৰিক্ত আন তিনিখন লোকসভাৰ আসন বিচাৰিছে ৰাষ্ট্ৰীয় নেতৃত্বই । সেই তিনিখন আসন হ'ল বৰপেটা কলিয়াবৰ আৰু নগাঁও ৷ এই তিনিখন আসন বিজেপিয়ে দখল কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ মঙলবাৰে বৰপেটাৰোডত এই মন্তব্য কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(BJP is trying to win three Lok Sabha seats of Assam) ৷

কংগ্ৰেছৰ দখলত থকা বৰপেটাৰ তিনিটা লোকসভাৰ আসন দখলৰ লক্ষ্য লৈছে বিজেপিয়ে: ৰণজিৎ কুমাৰ দাস

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি জে পি নাড্ডাৰ নেতৃত্বত আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সহযোগত সমগ্ৰ অসমতে বিজেপিৰ বুথ সমিতি সমূহৰ সৱলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ তাৰ সমান্তৰালকৈ মণ্ডল আৰু জিলা সমিতি সমূহৰো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি দলৰ শক্তি বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

নতুনকৈ বৰপেটাৰোড চহৰ এলেকাত 8 খনকৈ বিলাতী সুৰাৰ দোকানৰ আপত্তিবিহীন প্ৰমাণপত্ৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াই দিয়া সন্ধৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ অনুমোদন নোহোৱাকৈ বিলাতী সুৰাৰ দোকানৰ আপত্তিবিহীন প্ৰমাণপত্ৰ যাতে দিব নোৱাৰে তাৰ বাবে ব্যৱস্থা লোৱা হ'ব ৷

অথচ ইতিমধ্যে পৌৰসভাৰ কাৰ্যবাহী বিষয়া পাৰ্থ প্ৰতিম খনিকৰে 8 খনকৈ বিলাতী সুৰাৰ দোকানৰ আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়া সম্পৰ্কত কোনো মন্তব্য নকৰে ৷ শেহতীয়াকৈ থলুৱা খাদ্য সামগ্ৰীৰ ওপৰত বিজেপি চৰকাৰে লাঘৱ কৰা GST সম্পৰ্কত সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে সেই সম্পৰ্কে ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ লগত আলোচনা কৰি আছে ৷ আগন্তুক দিনত সু-মীমাংসা এটা হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :AASUs react on Barkhashree : চৰকাৰৰ অগণতান্ত্ৰিক চিন্তাৰ বাবে বৰ্ষাশ্ৰীক কাৰাগাৰত ৰাখিছে

ABOUT THE AUTHOR

...view details