অসম

assam

কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ : আটক প্ৰতিবাদকাৰী

By

Published : Sep 27, 2021, 1:58 PM IST

কলগাছিয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ । সংযুক্ত কিষাণ মৰ্চা আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন তথা কৰ্মচাৰী ফেডাৰেচনৰ যৌথ মঞ্চৰ আহ্বানত ঘোষণা কৰা ভাৰত বন্ধৰ ৷ এই বন্ধত ৰাইজে স্বতঃস্ফূৰ্তভাৱে সমৰ্থন কৰা পৰিলক্ষিত হৈছে ।

bharat bandh effect at kalgachia
ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

জনীয়া, 27 ছেপ্তেম্বৰ : আজি ভাৰত বন্ধ ৷ কৃষক ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত ৷ বৰপেটা জিলাৰ কলগাছিয়াতো পৰিছে ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷

কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ

তিনিখনকৈ কৃষক বিৰোধী আইন বাতিল কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, কৃষি উৎপাদিত সামগ্ৰীৰ নিম্নতম সহায়ক দাম নিশ্চয়তা কৰা, বিদ্যুৎ সংশোধনী বিল বাতিল কৰা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰাৰ দাবীত সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়নৰ আহ্বানমৰ্মে সোমবাৰে ৰূপায়ণ কৰা হয় ভাৰত বন্ধৰ কাৰ্যসূচী ৷ এই বন্ধৰ সমৰ্থনত কলগাছিয়াত ৰাইজে স্বতঃস্ফূৰ্তভাৱে দোকান-পোহাৰ, গাড়ী-মটৰৰ চলাচল বন্ধ ৰাখে ৷

কলগাছিয়াত আটক ভাৰত বন্ধৰ সমৰ্থক

লগতে পঢ়ক:গৰুখুটিৰ ঘটনাৰ আঁৰত জড়িত থকা তৃতীয় পক্ষ কোন ?

বন্ধলৈ মুকলি সমৰ্থন জনোৱা লোকসকলে বিজেপি চৰকাৰে শীঘ্ৰে কৃষক আৰু জন বিৰোধী আইন বাতিল কৰাৰ দাবী উত্থাপন কৰে ৷ কলগাছিয়াৰ স্থানীয় কৃষক সংগঠন নিখিল ভাৰত কৃষক সভা, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন আৰু ট্ৰেড ইউনিয়নৰ সদস্যসকলে বন্ধৰ সমৰ্থনত বাহিৰ কৰে এক সমদল ৷

ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

প্ৰতিবাদকাৰীসকলৰ হুংকাৰ শীঘ্ৰে দাবী পূৰণ নহ’লে চৰকাৰৰ বিৰুদ্ধে অনাগত দিনত এই আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিব ৷ ইফালে পৰৱৰ্তী সময়ত কলগাছিয়াত এই বন্ধৰ সমৰ্থনত ওলাই অহা একাংশ প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ৷ যাৰ ফলত কলগাছিয়াৰ ৰাজপথৰ পৰিৱেশ অধিক উত্তাল হৈ পৰে ৷ অসম চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক:ৰাজ্যৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details