অসম

assam

Laxmi puja 2022: বাক্সাত লক্ষ্মী পূজাৰ অনুষ্ঠানত সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী

By

Published : Oct 12, 2022, 9:26 AM IST

বাক্সাৰ কুছিজাৰত লক্ষ্মী পূজাৰ হিৰক জয়ন্তী বৰ্ষ পালন(Laxmi puja 2022)৷ পাচঁদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এইবাৰৰ লক্ষ্মী পূজা ৷ পূজা উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱীয়েও(Vice President of Asom Sahitya Sabha mrinalini devi) ৷

Laxmi puja celebrated in Baksa
Laxmi puja 2022: বাক্সাৰ কুছিজাৰত লক্ষ্মী পূজাৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী

বাক্সা, ১১ অক্টোবৰ:'পুৰুষ আৰু প্ৰকৃতি - ইয়াৰে এটাৰ অবিহনেও সৃষ্টি অসম্ভৱ ৷ মন্দিৰত বহিলেই ভগৱানৰ সাক্ষাৎ লাভ কৰিব নোৱাৰি ৷ জাকজমকতাৰে পূজাপাতল কৰিলেই ভগৱান সন্তুষ্ট নহয় ৷ ভগৱানক পাবলৈ হলে শ্ৰদ্ধাবান হব লাগিব ৷'- এই মন্তব্য অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীৰ(Vice President of Asom Sahitya Sabha mrinalini devi)৷

মংগলবাৰে বাক্সা জিলাৰ কুছিজাৰৰ শ্ৰী শ্ৰীলক্ষ্মী পুজা মহোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ তৃতীয় দিনাৰ কাৰ্যসূচীত স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি এইদৰে কয় ৷ স্মৃতিগ্ৰন্থ "লক্ষ্মী জ্যোতি" উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ উপ-সভানেত্ৰীগৰাকীয়ে "লক্ষ্মী জ্যোতি" ৰ জ্যোতিয়ে সকলোকে উজ্বলাই তুলিব বুলি আশাব্যঞ্ছক মন্তব্য প্ৰদান কৰে ৷

Laxmi puja 2022: বাক্সাৰ কুছিজাৰত লক্ষ্মী পূজাৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী

লেখকসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত দেৱীয়ে ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি উল্লেখ কৰি গ্ৰন্থই মানুহক চিৰযুগমীয়া কৰি ৰাখিব পাৰে বুলি কয় ৷ সকলোকে প্ৰাচীন সাহিত্যক আকোঁৱালি লবলৈ আহ্বান জনোৱাৰ লগতে গ্ৰন্থ সকলোৰে বন্ধু বুলি মন্তব্য কৰে ৷ নৱ প্ৰজন্মই প্ৰাচীন গ্ৰন্থ ৰামায়ণ, মহাভাৰত অধ্যয়ন কৰাটো উচিত বুলি দেৱীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে ৷

অসম সাহিত্য সভাৰ উপ সভানেত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত পুনৰ কয় যে বেদ-গীতাৰ কথা মানুহে পাহৰি গৈছে ৷ লগতে মহাপুৰুষ দুজনাৰ পাছত ভাৰতবৰ্ষই পুনৰ তেনে ক্ষণজন্মা পুৰুষক জন্ম দিব পাৰিছেনে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ বিষয়ে নামঘৰত আলোচনা কৰাৰ পোষকতা কৰে মৃণালিনী দেৱীয়ে ৷

Laxmi puja 2022: বাক্সাৰ কুছিজাৰত লক্ষ্মী পূজাৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী

আধ্যাত্মিক শক্তিয়ে ভাৰতবৰ্ষক অধিক শক্তিশালী কৰি গঢ়ি তুলিছে বুলি মত প্ৰকাশ কৰে মৃণালিনী দেৱীয়ে ৷ ছপা মাধ্যমৰ বিপৰীতে বৰ্তমান সময়ত ইণ্টাৰনেটৰ যোগেদি গ্ৰন্থ পঢ়াৰ যি এক পৰিৱেশ অথবা প্ৰজন্মৰ মাজত মানসিকতা গঢ়ি উঠিছে সেয়া ভবিষ্যতৰ বাবে বিপদজনক বুলি দোহাৰে ৷ মঙলবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো(Bodoland Territorial Region), প্ৰাক্তন সমাজকল্যাণ মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পৱিত্ৰ শৰ্মা ৷ ইয়াৰোপৰি সভাখনত উপস্থিত থাকে মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, গৰ্ডন হাইস্কুলৰ প্ৰাক্তন শিক্ষক শংকৰ দাস, উদযাপন সমিটিৰ সম্পাদক কন্দৰ্প কলিতা প্ৰমুখ্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

সভাৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই স্মৃতিগ্ৰন্থ "লক্ষ্মী জ্যোতি" ৰ সম্পাদক মহিধৰ কলিতাই আৰু অনুষ্ঠানটোৰ আঁত ধৰে সাগৰিকা গোস্বামীয়ে ৷

লগতে পঢ়ক:Missing youth recovered: অৱশেষত উদ্ধাৰ লাংভুকু জলপ্ৰপাতত চেলফি উঠিবলৈ গৈ নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details