অসম

assam

বেঁকী নৈৰ গৰাখহনীয়া পৰিৰ্দশন উপায়ুক্ত আয়ুস গাৰ্গৰ

By

Published : May 28, 2021, 2:27 PM IST

বেঁকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বাক্সাৰ নৱনিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গৰ ৷ গৰাখহনীয়া সমস্যাৰ পৰা সমাধান, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুবোৰক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব সেই সম্পৰ্কে আলোচনাত মিলিত হয় বাক্সাৰ উপায়ুক্ত গৰাকী ৷

বেঁকী নৈৰ গৰাখহনীয়া পৰিৰ্দশন উপায়ুক্ত আয়ুস গাৰ্গৰ
বেঁকী নৈৰ গৰাখহনীয়া পৰিৰ্দশন উপায়ুক্ত আয়ুস গাৰ্গৰ

বাক্সা,28 মে’: বৃহস্পতিবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত উপস্থিত হয় বাক্সাৰ নৱনিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গে ৷ বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গে বেঁকী নৈৰ দুয়ো পাৰে হোৱা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷

বেঁকী নৈৰ গৰাখহনীয়া পৰিৰ্দশন উপায়ুক্ত আয়ুস গাৰ্গৰ

উল্লেখ্য যে, বেঁকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ পূৰ্ৱে উপায়ুক্ত আয়ুস গাৰ্গে বাঁহবাৰী ৰেঞ্জৰ অতিথিশালাত জিলা আৰক্ষী অধীক্ষক ৰজেন সিং, দিপক বৰ্মন (জিলা বন বিষয়া), শালবাৰীৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চলক অমল শৰ্মা সমন্বিতে উচ্চপদস্থ বিষয়া সকলৰ লগত এক অলোচনাত মিলিত হয় । লগতে কেনেদৰে এই গৰাখহনীয়া সমস্যাৰ পৰা সমাধান পাব পাৰি, তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুবোৰক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব সেই সম্পৰ্কেও এক আলোচনাত মিলিত হয় উপায়ুক্ত আয়ুস গাৰ্গ ৷

লগতে পঢ়ক:জোনাইত সান্ধ্য আইন জাৰি থকাৰ সময়ত আইন ভংগকাৰীক জৰিমনা

ABOUT THE AUTHOR

...view details