অসম

assam

FIH হকী প্ৰ' লীগৰ বাবে মনপ্ৰীত সিঙক অধিনায়ক ঘোষণা

By

Published : Jan 13, 2020, 11:57 PM IST

FIH হকী প্ৰ' লীগ, 2020 ৰ অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে মনপ্ৰীত সিঙক ৷ সহ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে হৰমনপ্ৰীত সিঙক ৷

মনপ্ৰীত সিঙক অধিনায়ক ঘোষণা
FIH হকী প্ৰ' লীগৰ দল ঘোষণা

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰী : FIH হকী প্ৰ' লীগ, 2020 ৰ বাবে ঘোষণা কৰা 20 জনীয়া দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে হকী খেলুৱৈ মনপ্ৰীত সিঙক ৷ সোমবাৰে হকী ইণ্ডিয়াই ঘোষণা কৰা দলটোৰ সহ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে হৰমনপ্ৰীত সিঙক ৷ ভূৱনেশ্বৰৰ কালিংগা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা ৷

মনপ্ৰীত সিং

উল্লেখ্য যে, এক বছৰৰ বিৰতিৰ অন্তত দললৈ উভতিছে চিংলেনছানা সিঙে৷ আঘাতৰ বাবে বহু দিন দলৰ পৰা বাহিৰত আছিল খেলুৱৈগৰাকী৷

আনহাতে, 2019 চনৰ জুন মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত FIH মেনছ ছিৰিজ ফাইনেলত আঘাতপ্ৰাপ্ত সুমিতেও দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে৷

FIH হকী প্ৰ' লীগৰ ভাৰতীয় দল ঘোষণা

ভাৰতীয় হকী দলৰ মুখ্য প্ৰশিক্ষক গ্ৰাহাম ৰেইডে মন্তব্য কৰে যে, FIH হকী প্ৰ' লীগৰ প্ৰশিক্ষণ শিৱিৰত যোগদান কৰিব বৰুণ কুমাৰে ৷ লগতে তেওঁ কয় যে, প্ৰথম তিনিখন মেচত ভাৰতীয় দলে যিহেতু বিশ্বৰ তিনিটা শীৰ্ষ স্থানৰ দলৰ মুখামুখি হ'ব সেয়েহে প্ৰতিযোগিতাৰ আৰম্ভণি গুৰুত্বপূৰ্ণ হ'ব ৷

ঘোষণা কৰা ভাৰতীয় দল : মনপ্ৰীত সিং (অধিনায়ক), হৰমনপ্ৰীত সিং (সহ-অধিনায়ক), পি. আৰ. শ্ৰীজেছ, কৃষণ বাহাদুৰ পাঠক, গুৰিন্দৰ সিং, অমিত ৰহিদাস, সুৰেন্দৰ কুমাৰ, বিৰেন্দ্ৰ লাকৰা, ৰোপিন্দৰ পাল সিং, বিবেক সাগৰ প্ৰসাদ, চিংলেনছানা সিং, নীলকান্ত শৰ্মা, সুমিত, গুৰজন্ত সিং, এছ. ভি. সুনীল, ললিত কুমাৰ উপাধ্যায়, মনদীপ সিং, আকাশদ্বীপ সিং, গুৰছাহিবজিৎ সিং, কোথাজিৎ সিং খাদাংবাম ৷

উল্লেখ্য যে, FIH Hockey Pro League ত ভাৰতে 18 আৰু 19 জানুৱাৰীত বিশ্ব ৰেংকিঙৰ তৃতীয় স্থানৰ নেদাৰলেণ্ডছৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব ৷

আৰু পঢ়ক : বুমৰাহে লাভ কৰিব পলী ওমৰিগড় এৱাৰ্ড : বিচিচিআই

Intro:Body:Conclusion:

ABOUT THE AUTHOR

...view details