অসম

assam

PM CARES Fund লৈ সাহাৰ্য বৃদ্ধি ভাৰতীয় হকী ফেডাৰেছনৰ

By

Published : Apr 4, 2020, 7:58 PM IST

প্ৰধানমন্ত্ৰী সাহাৰ্য নিধিলৈ অৰিহণা বৃদ্ধি ভাৰতীয় হকী ফেডাৰেছনৰ ৷ অতিৰিক্ত 75 লাখ ঘোষণা ৷

ভাৰতীয় হকী ফেডাৰেছনৰ সভাপতি
মহম্মদ মুস্তাক আহমেদ

স্পৰ্টছ ডেস্ক, 4 এপ্ৰিল : কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে শনিবাৰে ভাৰতীয় হকী ফেডাৰেছনে প্ৰধানমন্ত্ৰী সাহাৰ্য নিধিলৈ (PM CARES Fund) ঘোষণা কৰিছে অতিৰিক্ত 75 লাখ টকা ৷ উল্লেখ্য যে, 1 এপ্ৰিলত ভাৰতীয় হকীৰ সৰ্বোচ্চ সংস্থাটোৱে 25 লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছিল ৷ ইয়াৰ পাচতে ফেডাৰেছনে সকলোৰে সন্মতিত এই সাহাৰ্যৰ পৰিমাণ 1 কোটিলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভাৰতীয় পুৰুষ হকী দল

এই সম্পৰ্কত ভাৰতীয় হকী ফেডাৰেছনৰ সভাপতি মহম্মদ মুস্তাক আহমেদে কয়, "এই সংকটৰ সময়ত সকলোৱে আগবাঢ়ি অহাৰ লগতে ভাৰত চৰকাৰৰ সমৰ্থনত একত্ৰিত হৈ ওলাই আহিব লাগে ৷ ভাৰত চৰকাৰে কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে সকলো ধৰণে চেষ্টা অব্যাহত ৰাখিছে ৷"

ভাৰতীয় মহিলা হকী দল

তেওঁ লগতে কয়, "বিগত বছৰসমূহত আমি দেশবাসীৰ পৰা বহু সমৰ্থন লাভ কৰিছো ৷ ইয়াৰ ফলতেই আমি প্ৰতিটো প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ সাহস লাভ কৰি আহিছো ৷ এইয়াই সময় ভাৰতবাসীৰ বাবে আমাৰ সাধ্য অনুসৰি সহায় আগবঢ়োৱাৰ ৷"

ভাৰতীয় হকী ফেডাৰেছনৰ সাধাৰণ সম্পাদক ৰাজিন্দৰ সিঙে কয়, "ভাৰতীয় হকী ফেডাৰেছনে সদায় প্ৰয়োজনৰ সময়ত সহায় আগবঢ়োৱাত বিশ্বাস কৰি আহিছে ৷ ফেডাৰেছনৰ কাৰ্যকৰী বৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰা বাবে মই গৌৰৱান্বিত ৷ যি সময়ত দেশৰ বহুসংখ্যক লোক কোভিড-19 ৰ ফলত প্ৰভাৱান্বিত হৈছে সেই সময়ত দেশ তথা দেশবাসীৰ বাবে থিয় দিয়াটো অতি প্ৰয়োজনীয় ৷"

ABOUT THE AUTHOR

...view details