অসম

assam

মাইকেল ভনক প্ৰত্যুত্তৰ অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 3:13 PM IST

Ravichandran Ashwin : ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনক উপযুক্ত উত্তৰ দিলে টিম ইণ্ডিয়াৰ অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে । ভনৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিওঁতে তেওঁ ভাৰতৰ সাফল্যৰ কথাও উল্লেখ কৰে ।

Ravichandran Ashwin
মাইকেল ভ’গানক উপযুক্ত উত্তৰ ৰবিচন্দ্ৰন অশ্বিনৰ

স্পৰ্টছ ডেস্ক, 6 জানুৱাৰী : ভাৰতীয় প্ৰবীণ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে টিম ইণ্ডিয়াক ‘আণ্ডাৰ এচিভাৰ্ছ’ বুলি অভিহিত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে, ভাৰতে বিশ্বত কিমান ভাল প্ৰদৰ্শন কৰিছে সেই কথা বিবেচনা কৰি এনে মন্তব্যত তেওঁৰ হাঁহি উঠিছে ৷ অষ্ট্ৰেলিয়া বনাম পাকিস্তানৰ টেষ্ট শৃংখলাৰ মাজত ফক্স ক্ৰিকেটৰ ওপৰত পেনেল আলোচনাৰ সময়ত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন মাৰ্ক ৱাহৰ এটা প্ৰশ্নত মাইকেল ভনে এই মন্তব্যৰ আগবঢ়ায় ৷

ভনে কৈছিল, "ভাৰত বিশ্বৰ এনে এটা দল যিয়ে যোৱা কেইবছৰমানৰ পৰা নিজৰ সম্ভাৱনাতকৈ বহু কম সাফল্য লাভ কৰিছে ৷ তেওঁলোকৰ অভিলেখ চালে দেখা যায় যে, তেওঁলোকে কোনো ডাঙৰ ইভেণ্টত জয়ী হোৱা নাই ৷ অষ্ট্ৰেলিয়াত তেওঁলোকে টেষ্ট শৃংখলা জয় কৰিছিল যদিও ইয়াৰ পিছত আইচিচিৰ ইভেণ্টেই হওক বা দক্ষিণ আফ্ৰিকাৰ টেষ্ট শৃংখলা হওক, তেওঁলোকে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ তেওঁলোকে এদিনীয়া বিশ্বকাপতো জয়ী হ’ব পৰা নাছিল ৷ ভনৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই নিজৰ ইউটিউব চেনেলত অশ্বিনে এই মন্তব্যৰ প্ৰত্যুত্তৰ জনাই টেষ্ট ফৰ্মেটত ভাৰতৰ ব্যাপক সফলতাৰ কথা আঙুলিয়াই দিয়ে ৷

অশ্বিনে কয়, "মাইকেল ভনে প্ৰথম টেষ্টৰ পিছত এটা বক্তব্য দিছিল যে ভাৰত এটা আণ্ডাৰ এচিভিং দল ৷ এইটো সঁচা যে যোৱা কেইবছৰমানৰ পৰা আমি কোনো আই চি চিৰ ট্ৰফী লাভ কৰা নাই ৷ আমি নিজকে ক্ৰিকেটৰ শক্তিশালী স্থানত বুলি কওঁ ৷ আমাৰ টেষ্ট দলে বিদেশৰ মাটিত বহুত ভাল প্ৰদৰ্শন কৰিছে ৷ আমি বহুতো উৎকৃষ্ট ফলাফল দেখিছো ৷ মাইকেল ভনৰ এই বক্তব্যৰ পিছত আমাৰ দেশৰ বহু বিশেষজ্ঞইও ভাৰতীয় দলটোক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে ৷ এই বক্তব্যবোৰ দেখি মই হাঁহিছো ৷’’

37 বছৰীয়া অফ স্পিনাৰগৰাকীয়ে বিশ্বাস কৰে যে ভাৰতীয় দলটোৰ সমালোচকসকলে প্ৰায়ে সৰু সৰু কথাত গুৰুত্ব দিয়ে, যাৰ বাবে তেওঁলোকে দলটোৱে লাভ কৰা বহু ভাল ফলাফলক আওকাণ কৰে ৷

লগতে পঢ়ক :টি-২০ত বিৰাট আৰু ৰোহিতৰ অন্তৰ্ভুক্তিক লৈ দোমোজাত বিচিচিআই

ABOUT THE AUTHOR

...view details