অসম

assam

শীঘ্ৰেই মুক্তিলাভ কৰিব মি. ধোনী আৰু মিচেছ ধোনীৰ ‘ৰহস্যময় অঘৰী’ ৱেব চিৰিজ

By

Published : Oct 1, 2020, 7:21 PM IST

2019 বৰ্ষত ধোনী এণ্টাৰটেইনমেণ্টৰ বেনাৰত ‘Roar Of The Lion’ নামৰ ডক্যুমেণ্টৰীখন সম্প্ৰচাৰ কৰাৰ পাচত এইবাৰ ৰহস্যময় অঘৰীৰ অন্য এক ৱেব চিৰিজ মুকলি কৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ পত্নী সাক্ষী ধোনীয়ে ৷ এক সংবাদ মাধ্যমযোগে এই কথা উল্লেখ কৰে সাক্ষীয়ে ৷

Mr and Mrs Dhoni to produce web series exploring journey of mysterious Aghori
শীঘ্ৰেই মুক্তিলাভ কৰিব মি. ধোনী আৰু মিচেছ ধোনীৰ ৰহস্যময় অঘৰীৰ ৱেব চিৰিজ

স্প’ৰ্টছ ডেস্ক, 1 অক্টোবৰ : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ পত্নী সাক্ষী ধোনীয়ে ক্ৰিকেটৰ তুলনাত অন্য খেলত স্ক’ৰ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ধোনী দম্পত্তিহালে ৱেৱ চিৰিজৰ জৰিয়তে অ’টিটি প্লেটফ’ৰ্মত ভৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

এম এছ ডি আৰু সাক্ষীয়ে 2019 বৰ্ষত তেওঁলোকৰ ধোনী এণ্টাৰটেইনমেণ্টৰ বেনাৰত ‘Roar Of The Lion’ নামৰ ডক্যুমেণ্টৰীখনৰ মুকলি কৰিছিল ৷ ইয়াৰ পৰৱৰ্তীৰূপে এই বেনাৰতে তেওঁলোকে ৰহস্যময় অঘৰীৰ অন্য এক ৱেব চিৰিজ লৈ আহিছে,যিটোৰ কাহিনী এগৰাকী নবীন লেখকৰ অপ্ৰকাশিত কিতাপৰ আধাৰত নিৰ্মাণ কৰা হৈছে ৷ এক সংবাদ মাধ্যমযোগে সাক্ষীয়ে এই কথা জানিবলৈ দিয়ে ৷

গুৰুত্বপূৰ্ণ কথা যে,ধোনীক এই কোম্পানীটোৰ আল্ফা আৰু সাক্ষীক আল্ফা1 বুলি জনা যায় ৷ সাক্ষীয়ে কয় যে,‘‘সেনাৰ বাবে মাহিৰ অত্যন্ত মৰম আছে ৷ আমাৰ এই প্ৰচেষ্টা হৈছে সুৰক্ষা বাহিনীৰ প্ৰতি থকা সন্মান আৰু প্ৰশংসা’’ ৷

ইয়াৰোপৰি কৰ’ণা মহামাৰীৰ মাজতে সাক্ষীয়ে পৰিয়ালৰ সৈতে কটোৱা সময় আৰু তেওঁলোকৰ 5 বছৰীয়া কন্যা জীৱাক কেনেদৰে প্ৰতিপালন কৰিছে সেই সম্পৰ্কে ব্যক্ত কৰে ৷ মহামাৰীৰ সময়ত তেওঁ জীৱাৰ অনলাইন ক্লাছত অংশ লৈছে ৷

লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ পোহনীয়া কুকুৰৰ সৈতে অধিক সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছে ৷ ইয়াৰ লগতে তেওঁৰ জৈৱিক খেতিৰ প্ৰতি থকা ৰুচিও বৃদ্ধি পাইছে ৷

এই সময়ছোৱাত সাক্ষীয়ে নিজৰ ব্যক্তিত্বৰ প্ৰতিও গুৰুত্ব দিবলৈ সময় পাইছে ৷ তেওঁ কবিতা লিখিবলৈ সময় পাইছে,দেশপ্ৰেম ব্যক্ত কৰিবলৈ সময় পাইছে ৷

প্ৰতিখন আইপিএলতে স্বামী ধোনীৰ সৈতে থকা সাক্ষীয়ে এইবাৰ আইপিএলত ধোনীক মিছ কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক:আইপিএল 2020 : বেয়াৰষ্ট', ৰছিদৰ সুন্দৰ প্ৰদৰ্শনেৰে SRH ৰ প্ৰথমটো জয়

ABOUT THE AUTHOR

...view details