অসম

assam

Twitter New Feature: টুইটাৰৰ দুটা নতুন বৈশিষ্ট্য, ষ্টক মাৰ্কেট-Cryptocurrencyৰ বাবেও ১টা বৈশিষ্ট্য

By

Published : Dec 23, 2022, 6:02 PM IST

বৃহস্পতিবাৰে ঘোষণা কৰিছে টুইটাৰৰ নতুন স্বত্বাধিকাৰী ইলন মাস্কে । এই নতুন বৈশিষ্ট্যৰ অধীনত আপুনি আপোনাৰ টুইটটো কিমানবাৰ চোৱা হৈছে সেয়া পৰীক্ষা কৰিব পাৰিব ।

VIEW COUNTS FOR TWEETS FEATURE BY TWITTER HELP TO SEARCH CRYPTOCURRENCY PRICES
টুইটাৰৰ দুটা নতুন বৈশিষ্ট্য, ষ্টক মাৰ্কেট আৰু Cryptocurrencyৰ বাবেও ১টা বৈশিষ্ট্য

নিউজ ডেস্ক, 23 ডিচেম্বৰ: ইলন মাস্কে বৃহস্পতিবাৰে ঘোষণা কৰিছে এক নতুন ফিচাৰ । এই নতুন বৈশিষ্ট্যৰ অধীনত আপুনি আপোনাৰ টুইটটো কিমানবাৰ চোৱা হৈছে সেয়া পৰীক্ষা কৰিব পাৰিব। কোটিপতি ব্যৱসায়ীগৰাকীয়ে টুইট কৰি কয় যে টুইটাৰে হয়তো ভিউ কাউণ্ট আৰম্ভ কৰিব পাৰে । তেওঁ কয় যে, ইয়াৰ দ্বাৰা আপোনাৰ টুইটটো কিমানবাৰ চোৱা হৈছে সেয়া চাব পাৰিব । মাস্কৰ মতে ভিডিঅ’ৰ বাবে এইটো স্বাভাৱিক ।

এই বৈশিষ্ট্যটো কিয় গুৰুত্বপূৰ্ণ ?

মাস্কে টুইটযোগে আৰু কয়, "ইয়াৰ পৰা দেখা গৈছে যে টুইটাৰ দেখাতকৈ অধিক সজীৱ ।" তেওঁ কয় যে," টুইটাৰ ব্যৱহাৰকাৰীৰ ৯০ শতাংশতকৈ অধিক লোকৰ ইয়াক ব্যৱহাৰ নকৰে । কিন্তু টুইট, ৰিপ্লাই বা লাইক নকৰে কাৰণ সেইটো সাৰ্বজনীন কাম ।" ইফালে, তেওঁৰ পদত্যাগ কৰাৰ খবৰো পোৱা গৈছে(Twitters view counts for tweets feature)।

ইয়াৰ উপৰিও মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰৰ মুৰব্বী ইলন মাস্কে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে টুইটাৰত এক নতুন আৰু আচৰিত বৈশিষ্ট্য সংযোজন কৰিছে । টুইটাৰৰ এই নতুন বৈশিষ্ট্য বিনিয়োগকাৰী আৰু বিত্তীয় বিশেষজ্ঞসকলে ভাল পাব । উল্লেখ্য যে, এই বৈশিষ্ট্যৰ প্ৰৱৰ্তনৰ লগে লগে এতিয়া ব্যৱহাৰকাৰীয়ে টুইটাৰতে প্ৰমূখ ষ্টক, এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড (ETF) আৰু ক্ৰিপ্টোকাৰেন্সীৰ(Cryptocurrency) চাৰ্ট আৰু গ্ৰাফ চাব পাৰিব(raphs of major stocks, Exchange Traded Funds and cryptocurrencies) ।

আন এক নতুন বৈশিষ্ট্য মুকলি

টুইট কৰি এই নতুন বৈশিষ্ট্যৰ বিষয়ে তথ্য দি টুইটাৰৰ অফিচিয়েল বিজনেছ হেণ্ডেলে এই নতুন বৈশিষ্ট্যই কেনেদৰে কাম কৰে সেই বিষয়ে ব্যাখ্যা কৰিছে। টুইট কৰি জনোৱা হৈছে যে, যদি কোনো ব্যক্তিয়ে কোনো ডাঙৰ ষ্টকৰ সংক্ষিপ্ত ৰূপটো $ চিহ্নৰে টুইট কৰে, তেন্তে আপুনি ব্যৱহাৰ কৰা ষ্টক শব্দটো ক্লিকযোগ্য হৈ পৰিব(List of Twitter features)। কিন্তু ষ্টকৰ নামৰ সন্মুখত এই চিম্বলটো ৰাখিব লাগিব(Three new feature of Twitter)।

উল্লেখ্য যে, নৱেম্বৰৰ আৰম্ভণিতে মাস্কে খৰচ কমাব পৰা নীতিৰ অধীনত প্ৰায় ৩,৭০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল, যিয়ে ৪৪ বিলিয়ন ডলাৰ (প্ৰায় ৩,৩৭,৪৬৫ কোটি টকা) দি ছ’চিয়েল মিডিয়া প্লেটফৰ্মটো দখল কৰিছিল আৰু আন শ শ কৰ্মচাৰীয়ে নিজাববীয়াকৈ পদত্যাগ কৰিছিল ।

লগতে পঢ়ক:Google new feature: ক্ৰয় নিয়ন্ত্ৰণৰ বাবে গুগলে প্ৰৱৰ্তন কৰিলে এক নতুন বৈশিষ্ট্য

ABOUT THE AUTHOR

...view details