ETV Bharat / bharat

Google new feature: ক্ৰয় নিয়ন্ত্ৰণৰ বাবে গুগলে প্ৰৱৰ্তন কৰিলে এক নতুন বৈশিষ্ট্য

author img

By

Published : Dec 23, 2022, 5:13 PM IST

শিশু আৰু অভিভাৱকৰ বাবে গুগলে মুকলি কৰিলে এক নতুন ফিচাৰ(Purchase Request feature) । এই নতুন বৈশিষ্ট্যই পৰিয়ালসমূহক শিশুৰ ক্ৰয় অনুমোদন বা অসন্মতি কৰাৰ বিকল্প প্ৰদান কৰে ।

google purchase request feature launch by google purchase request feature control shopping
ক্ৰয় নিয়ন্ত্ৰণৰ বাবে গুগলে প্ৰৱৰ্তন কৰিলে এক নতুন বৈশিষ্ট্য

নেশ্যনেল ডেস্ক, 23 ডিচেম্বৰ: গুগলে নতুন ক্ৰয় অনুৰোধ বৈশিষ্ট্য সংযোজন কৰিছে যিয়ে পৰিয়ালসমূহক শিশুৱে কৰা ক্ৰয় অনুমোদন বা অসন্মতি কৰাৰ বিকল্প প্ৰদান কৰিব(google purchase request feature control shopping)। মঙলবাৰে টেক জায়ান্ট কোম্পানীটোৱে এটা ব্লগ পোষ্টত কয় যে গুগল পাৰ্চেজ ৰিকুৱেষ্ট বৈশিষ্ট্যই(Google Purchase Request feature) পৰিয়ালসমূহে পেইড এপ আৰু ইন-এপ ক্ৰয় দুয়োটা নিৰাপদে ক্ৰয় কৰাত সহজ কৰি তুলিব(Purchase Request feature)। ১৩ বছৰৰ তলৰ শিশুৱে ক্ৰয়ৰ অনুৰোধ পোনপটীয়াকৈ পৰিয়াল পৰিচালকলৈ প্ৰেৰণ কৰিব পাৰিব যদিহে ব্যৱহাৰকাৰীসকলৰ পৰিয়ালৰ ধন পৰিশোধৰ পদ্ধতি স্থাপন কৰা নহয়(google new feature)।

তাৰ পিছত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ডিভাইচত এপ্লিকেচন বা ইন-এপ ক্ৰয়ৰ বিষয়ে অনুৰোধ আৰু গুৰুত্বপূৰ্ণ তথ্য মূল্যায়ন কৰিব পাৰে আৰু ক্ৰয় সম্পূৰ্ণ হ’ব লাগে নে নাই সেইটো সিদ্ধান্ত ল’ব পাৰে । ক্ৰয় সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত ল’লে তেওঁলোকে গুগল প্লে গিফ্ট কাৰ্ডকে ধৰি নিজৰ সংৰক্ষিত পেমেণ্ট পদ্ধতি ব্যৱহাৰ কৰিব পাৰে(Google Play gift cards)। পৰিয়াল পৰিচালকে এই ক্ৰয় অনুৰোধৰ বাবে বাস্তৱ সময়ৰ জাননী লাভ কৰিব, কিন্তু পিছৰ সিদ্ধান্ত গ্ৰহণৰ বাবে অনুমোদন অনুৰোধৰ শাৰীতো চাব পাৰিব ।

গুগল চাৰ্চৰ পৰা ব্যক্তিগত তথ্য আঁতৰাবলৈ অনুৰোধ: আগন্তুক বছৰৰ পৰা গুগলে ব্যৱহাৰকাৰীসকলক অৱগত কৰিব যদিহে তেওঁলোকৰ ব্যক্তিগত তথ্য যেনে ফোন নম্বৰ, ইমেইল আৰু ঘৰৰ ঠিকনা সন্ধানৰ ফলাফলত দেখা যায় । কোম্পানীটোৱে জনোৱা মতে, ‘আপোনাৰ বিষয়ে ফলাফল’ সঁজুলিটোৱে গুগল চাৰ্চৰ পৰা ব্যক্তিগত তথ্য আঁতৰোৱাৰ অনুৰোধ কৰাটো সহজ কৰি তুলিব ।

টেক জায়ান্টটোৱে লগতে কয় যে, আগন্তুক বছৰৰ পৰা আপুনি ব্যক্তিগতভাৱে চিনাক্তকৰণযোগ্য তথ্যৰ সৈতে নতুন ফলাফলৰ বিষয়ে সতৰ্ক হ’বলৈ বাছি ল’ব পাৰিব যাতে আপুনি গুগল চাৰ্চৰ পৰা ইয়াক তৎকালীনভাৱে আঁতৰোৱাৰ অনুৰোধ কৰিব পাৰে ।

লগতে পঢ়ক: Green teaৰ এয়াৰ ফিল্টাৰে ধ্বংস কৰিব বীজাণু, ভাইৰাছৰ পৰা কৰিব সম্পূৰ্ণ ৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.