অসম

assam

আইআইটি কাণপুৰে মুকলি কৰিলে 'মিচন ভাৰত 2'

By

Published : May 6, 2021, 3:12 PM IST

iit kanpur launched mission bharat 02
আই.আই.টি কানপুৰে মুকলি কৰিলে 'মিচন ভাৰত 02' ()

জৰুৰীকালীন অৱস্থাত মোকাবিলা কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ উচ্চ মানদণ্ডৰ অক্সিজেন জেনেৰেশ্যন ইউনিটছ উৎপাদন কৰাৰ বাবে আইআইটি কাণপুৰে মুকলি কৰিলে 'মিচন ভাৰত 2' ৷ সকলো যোগ্য উদ্যোগীক মিচন ভাৰত 2 ত অংশগ্ৰহণ কৰাৰ আহ্বান আইআইটি কাণপুৰৰ সঞ্চালক অধ্যাপক অভয় কাৰান্দিকাৰৰ ৷

নেশ্যনেল ডেস্ক,6 মে': আইআইটি কাণপুৰৰ ষ্টাৰ্ট আপ ইনকিউবেচন এণ্ড ইন'ভেচন চেণ্টাৰ (এছআইআইচি) এ 'মিচন ভাৰত 2' শীৰ্ষক এটা 45 দিনীয়া প্ৰত্যাহ্বান মুকলি কৰিছে ৷ মূলতঃ জৰুৰীকালীন অৱস্থাত মোকাবিলা কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ উচ্চ মানদণ্ডৰ অক্সিজেন জেনেৰেশ্যন ইউনিটছ উৎপাদন কৰাৰ উদ্দেশ্যে আইআইটি কাণপুৰে এই মিচন মুকলি কৰিছে ৷ প্ৰফেচৰ অমিতাভ ভট্টাচাৰ্য, প্ৰফেচৰ ইন-চাৰ্জ, ইন'ভেশ্যন এণ্ড ইনকিউবেচন, আইআইটি কাণপুৰ; শ্ৰীকান্ত শাস্ত্ৰী, সভাপতি ,TiE Delhi-NCR আৰু ৰাহুল পেটেলে এই প্ৰত্যাহ্বানমূলক মিচনৰ নেতৃত্ব দিব ৷

বিগত বৰ্ষতো এচআইআইচি এ ইনকিউবেটেড কোম্পানীসমূহক Swasa N-95 মাস্ক আৰু Noccarc V310 ভেণ্টিলেটৰ আদিৰ দৰে থলুৱা সামগ্ৰী বিকাশৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছিল ৷ আইআইটি কাণপুৰৰ সঞ্চালক অধ্যাপক অভয় কাৰান্দিকাৰে উদ্যোগীসকলক এই প্ৰত্যাহ্বানৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে ৷

তেওঁ কয় যে, "দেশৰ জৰুৰীকালীন অৱস্থাত আইআইটি কাণপুৰে সদায়েই সেৱা আগবঢ়াই অহাৰ নজিৰ আছে ৷ ক'ভিড-19 ৰ প্ৰথম ঢৌৱে ভাৰতত সংহাৰ আৰম্ভ কৰাৰ সময়তে এচআইআইচি ইনকিউবেটেড কোম্পানী সমূহ Swasa N-95 মাস্ক আৰু Noccarc V310 ভেণ্টিলেটৰ বিতৰণ কৰাৰ বাবে আগবাঢ়ি আহিছিল ৷ স্থানীয়ভাৱে উৎপাদিত দুয়োবিধ সামগ্ৰীয়েই আছিল ভাৰতে বিশ্ব মানদণ্ডৰ সমতুল্য সামগ্ৰী উদ্ভাৱন কৰিব পৰা সামৰ্থৰ প্ৰমাণ ৷ সেয়ে, ক'ভিড-19 ৰ দ্বিতীয়টো ঢৌৱে ভাৰতত পুনৰ সংহাৰ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত আইআইটি কাণপুৰ আৰু এচআইআইচি এ দেশৰ অক্সিজেন সংকট সমাধান কৰাৰ উদ্দেশ্যে থলুৱা উৎপাদনকাৰীসকলক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে ৷ সেয়ে মই সকলো যোগ্য উদ্যোগীক মিচন ভাৰত 2 ত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছো" ৷

প্ৰফেচৰ বন্দোপাধ্যায়ে কয় যে, "দেশৰ প্ৰয়োজন অনুসৰি এচআইআইচি আৰু আইআইটি কাণপুৰে উন্নত মানদণ্ডৰ সামগ্ৰী যোগান ধৰি অহাৰ ইতিহাস আছে ৷ Noccarc ভেণ্টিলেটৰৰ সৈতে আমি এইটো কৰিছিলো আৰু 'মিচন ভাৰত 2' ৰ জৰিয়তে আমি পুনৰ অনুৰূপ উদ্দেশ্যেৰে আগবাঢ়িছো ৷ দেশক এই সংকটৰ সময়ত সমৰ্থন আগবঢ়োৱাৰ বাবে আমি যুৱ উদ্ভাৱনকাৰীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো" ৷ বিভিন্ন প্ৰান্তৰ নিৰ্মাতাসকলৰ সৈতে কাম কৰি দৈনিক উৎপাদন ক্ষমতা 100 ইউনিট আৰু ক্ৰমান্বয়ে বৃদ্ধি কৰি গৈ থকাটো এক এটা আদৰ্শ পৰিস্থিতি হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷

উল্লেখ্য যে, সকলো যোগ্য ভাৰতীয় এচএমই উৎপাদনকাৰীয়ে অনলাইনযোগে আবেদন কৰিব পাৰিব আৰু এই পদক্ষেপে চিকিৎসালয়সমূহৰ ওপৰত আহি পৰা চাপ হ্ৰাস কৰাত সহায় কৰিব ৷

লগতে পঢ়ক:পুনৰ দেশত পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি

ABOUT THE AUTHOR

...view details