অসম

assam

বিএছএফৰ হাতত ধৃত পাকিস্তানী মাছমৰীয়া, চাৰিখন নাও জব্দ

By

Published : Aug 16, 2020, 9:21 PM IST

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ এক নিময়ীয়া তালাচীৰ সময়তে গুজৰাটৰ উপকূলত চাৰিখনকৈ নাওৰ সৈতে ধৃত হয় পাকিস্তানী মাছমৰীয়াৰ এটা দল ৷ বিএছএফৰ ভুজস্থিত ইউনিটে এই অভিযানৰ নেতত্ব দি হাৰামী নালাৰ পিতনিৰ পৰা মাছমৰীয়াৰ দলটোক আটক কৰে ৷

বিএছএফৰ হাতত ধৃত পাকিস্তানী মাছমৰীয়া, চাৰিখন নাও জব্দ
বিএছএফৰ হাতত ধৃত পাকিস্তানী মাছমৰীয়া, চাৰিখন নাও জব্দ

নিউজ ডেস্ক, 16 আগষ্ট :গুজৰাট কট্ছ জিলাৰ উপকূলৱৰ্তী ভাৰত-পাকিস্তান সীমান্তত ভাৰতীয় নিৰাপত্তা বাহিনীৰ হাতত ধৰা পৰিছে পাকিস্তানী মাছমৰীয়াৰ দল ৷ জিলাখনৰ ভূজস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ নিয়মীয়া তালাচী অভিযানত হাৰামী নালাৰ পিতনিৰ পৰা চাৰিখনকৈ নাওৰ সৈতে গ্ৰেপ্তাৰ হয় পাকিস্তানী মাছমৰীয়াৰ দলটো ৷ মাছমৰীয়াৰ দলটোৰ এগৰাকী পাকিস্তানৰ সিন্ধ প্ৰদেশৰ আল্লা বাছাও ছিদ্দিকী বুলি চিনাক্ত হোৱাৰ লগতে বাকীকেইগৰাকী পলাই যাবলৈ সক্ষম হয় ৷

সাগৰীয় পথেৰে পাকিস্তানী মাছমৰীয়াৰ দলটোৱে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা চলাইছিল ৷ ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱা দলটোৰ সন্দেহজনক গতিবিধি বিএছএফে ধৰা পেলায় আৰু এক তালাচী অভিযানৰ নেতৃত্ব দিয়ে ৷ এই অভিযানকালতে বিএছএফে পাকিস্তানী মাছমৰীয়াৰ দলটোক আৱদ্ধ কৰিবলৈ সক্ষম হয় ৷ মাছমৰীয়াৰ দলটোৰ পৰা বিএছএফে চাৰিখন নাওৰ লগতে এগৰাকী মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন পাঁচগৰাকীয়ে পলাই যাবলৈ সক্ষম হয় ৷

ইতিমধ্যে বিএছএফে পাকিস্তানী মাছমৰীয়াৰ নাওকেইখন নিজৰ জিম্মাত লোৱাৰ লগতে আটকাধীন মাছমৰীয়াগৰাকীক সোধাপোচা অব্যাহত ৰাখিছে ৷ এই ঘটনাৰ পিচতেই সমগ্ৰ অঞ্চলটোতে বিএছএফে অধিক সতৰ্কতা অৱলম্বন কৰিছে ৷ বিএছএফে প্ৰকাশ কৰা অনুসৰি, মাছমৰীয়াৰ নাওকেইখনৰ পৰা কোনো আপত্তিজনক সামগ্ৰী জব্দ কৰিব পৰা হোৱা নাই ৷ আনহাতে ঘটনা সন্দৰ্ভত বিএছএফে পাকিস্তানৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছে যদিও তেওঁলোকৰ ফালৰ পৰা কোনো সুদুত্তৰ লাভ কৰা নাই ৷

লগতে পঢ়কঃপুনৰ তিনিমাহলৈ বৃদ্ধি কাফিল খানৰ কাৰাবাস

ABOUT THE AUTHOR

...view details