অসম

assam

G20 in India : জি২০ সন্মিলনৰ মাজতে উত্তৰ কোৰিয়াৰ অৰ্ধসামৰিক পেৰেড; উপস্থিত চীন-ৰাছিয়াৰ অতিথি

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:08 PM IST

শনিবাৰে ভাৰতত আমেৰিকা, ব্ৰিটেইনকে ধৰি অন্যান্য বিশ্বনেতাসকলে অংশগ্ৰহণ কৰা জি-২০ সন্মিলনৰ শুভাৰম্ভণিৰ লগে লগে উত্তৰ কোৰিয়াই পিয়ংইয়ঙত অৰ্ধসামৰিক কুচকাৱাজ অনুষ্ঠিত কৰে । তাত ৰাছিয়া আৰু চীনা প্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা হয় । উত্তৰ কোৰিয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকৰ বাবে কিমে শীঘ্ৰেই ৰাছিয়া ভ্ৰমণ কৰিব বুলি আশা ৰখাৰ মাজতে অনুষ্ঠিত হৈছে ।

G20 in India
G20 in India

ইণ্টাৰনেচনেল ডেস্ক, ৯ ছেপ্টেম্বৰ : ভাৰতত জি-২০ সন্মিলনৰ মাজতে উত্তৰ কোৰিয়াই অনুষ্ঠিত কৰিছে অৰ্ধসামৰিক বাহিনীৰ পেৰেড । এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকে চীন আৰু ৰাছিয়াৰ প্ৰতিনিধি । এই পেৰেডত উত্তৰ কোৰিয়াই বিশাল ৰকেট লঞ্চাৰ প্ৰদৰ্শন কৰে । উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে শনিবাৰে কয়, ৱাশ্বিংটনৰ সৈতে গভীৰ মতানৈক্যৰ সন্মুখীন হৈ মস্কো আৰু বেইজিঙৰ সৈতে তেওঁৰ সম্পৰ্ক প্ৰদৰ্শন কৰাৰ বাবে কিম জং উনৰ এয়া হৈছে শেহতীয়া প্ৰচেষ্টা ।

শনিবাৰে উত্তৰ কোৰিয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উদযাপনৰ বাবে শুকুৰবাৰে নিশাৰে পৰা আৰম্ভ হৈছে বিশেষ অনুষ্ঠানৰ । আনহাতে, ৰাজধানী পিয়ংইয়ঙত এই অনুষ্ঠানটো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকৰ বাবে কিমে শীঘ্ৰেই ৰাছিয়া ভ্ৰমণ কৰিব বুলি আশা কৰাৰ মাজতে অনুষ্ঠিত হৈছে । ইউক্ৰেইনৰ ওপৰত ক্ৰেমলিনৰ যুদ্ধৰ ফলত হোৱা আন্তৰাষ্ট্ৰীয় ক্ষতি পুনৰ পূৰণ কৰাৰ বাবে উত্তৰ কোৰিয়াৰ শক্তিৰ ওপৰত গুৰুত্ব দিব পাৰে বুলি অনুমান কৰা হৈছে ।

অৱশ্যে চীনে উত্তৰ কোৰিয়াৰ বাৰ্ষিকী উদযাপনলৈ উপ-প্ৰধানমন্ত্ৰী লিউ গুওঝঙৰ নেতৃত্বত এটা প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ বিপৰীতে ৰাছিয়াই এটা সামৰিক গীত আৰু নৃত্য দল প্ৰেৰণ কৰিছে । আনহাতে, দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমসমূহে অনুমান কৰিছে যে পিয়ংইয়ঙৰ এই উৎসৱত ৰাছিয়াৰ চৰকাৰী বিষয়াসকলৰ অভাৱ কিম আৰু পুটিনৰ মাজত এখন সন্মিলনৰ প্ৰস্তুতিৰ সৈতে সম্পৰ্কিত হ'ব পাৰে, যিটো ৱাশ্বিংটনে মাহটোৰ ভিতৰতে অনুষ্ঠিত হ'ব বুলি অনুমান কৰিছে ।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু প্ৰতিবেদন অনুসৰি, এই ভ্ৰমণ অহা সপ্তাহৰ আৰম্ভণিতে হ'ব পাৰে । পুটিনে দেওবাৰৰ পৰা বুধবাৰৰ ভিতৰত পূব চহৰ ভ্লাদিভষ্টকত চলি থকা এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । এই স্থানটুকুৰা ২০১৯ চনত কিমৰ সৈতে তেওঁৰ প্ৰথম সন্মিলনৰ স্থান আছিল আৰু এতিয়া তেওঁলোকৰ পৰৱৰ্তী বৈঠকৰ বাবে এক সম্ভাৱ্য স্থান হিচাপে দেখা গৈছে ।

লগতে পঢ়ক :G20 Summit in India : বিশ্বাসৰ ঘাটি দূৰ কৰিবলৈ মানৱতাবাদী দৃষ্টিভংগীৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ABOUT THE AUTHOR

...view details