অসম

assam

KBC 15: দক্ষিণ ভাৰতীয়ৰ পৰম্পৰাগত সাজ লুংগী পৰিধান কৰি কেবিচিৰ মঞ্চত দৌৰিলে বিগ বিয়ে, চাওক ফটো....

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 1:39 PM IST

কেবিচিৰ চেটত দক্ষিণ ভাৰতীয়ৰ সাজ অমিতাভ বচ্চন ৷ চাওক ফটো ৷

KBC 15 : Amitabh bachchan flaunts his south indian look, reveals his first film and its salary
কেবিচিৰ চেটত দক্ষিণ ভাৰতীয়ৰ সাজ অমিতাভ বচ্চন

চিটাৰা ডেস্ক, ২০ ছেপ্টেম্বৰ: মেগাষ্টাৰ অমিতাভ বচ্চন এইকেইদিন ব্যস্ত হৈ পৰিছে তেওঁৰ জনপ্ৰিয় কুইজ শ্ব’ কৌন বনেগা ক্ৰোৰপতিৰ ১৫ সংখ্যক ছিজনত । শ্ব’টোত প্ৰতিযোগীসকলে বিভিন্ন ব্যক্তিগত সমস্য়া শ্বেয়াৰ কৰে বিগ বিৰ সৈতে ৷ কেৱল প্ৰতিযোগীয়েই নহয়, বিগ বিয়ে নিজেও প্ৰতিযোগীসকলৰ সৈতে নিজৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত গোপন কথাবোৰ শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে ।

ইফালে কেবিচিৰ ১৫ সংখ্যক ছিজনৰ ২৬ নং খণ্ডত অমিতাভ বচ্চনে তেওঁৰ জীৱনৰ প্ৰথমখন ছবি আৰু তাৰ পৰা পোৱা পাৰিশ্ৰমিকৰ সৈতে জড়িত এটা ডাঙৰ কাহিনী শ্বেয়াৰ কৰিছে । লগতে অমিতাভ বচ্চনে যোৱা নিশা কেবিচি ১৫ ৰ চেটৰ পৰা নিজৰ দক্ষিণ ভাৰতীয় লুকত ফটো শ্বেয়াৰ কৰে । ফটোখনত ক্ৰীম ৰঙৰ ধুতি আৰু চাৰ্ট পৰিধান কৰি কেবিচিৰ হোষ্টৰ চকীত বহি থকা দেখা গৈছে বিগ বিক ।

লুঙি পৰিধান কৰি দৌৰিলে বিগ বিয়ে

বিগ বিয়ে ইনষ্টাগ্ৰাম আৰু এক্স-পোষ্টত চাউথ লুকত নিজৰ ছবি শ্বেয়াৰ কৰি লিখিছে, ‘‘কোনে কয় যে লুংগী পিন্ধি দৌৰিব নোৱাৰি । পৰম্পৰাগত বৈচিত্ৰ্য, সাংস্কৃতিক ঐতিহ্য, ভাৰতীয় সাজ-পোছাক', এয়া ভাৰতৰ গৌৰৱ ।’’ উল্লেখ্য যে, বিগ বি এজন ডাউন টু আৰ্থ ষ্টাৰ আৰু তেওঁ নিজৰ ঐতিহ্য আৰু পৰম্পৰা কেতিয়াও পাহৰি নাযায় । মাজে মাজে বিগ বিয়ে নিজৰ পোষ্টৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে যে তেওঁ দেশৰ ৰীতি-নীতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ।

বিগি বিয়ে প্ৰকাশ কৰিলে তেওঁৰ প্ৰথম পাৰিশ্ৰমিকৰ স’তে জড়িত কাহিনী

একে সময়তে কেবিচি ১৫ৰ ২৬ নং খণ্ডত অমিতাভ বচ্চনে কয় যে তেওঁ খোৱাজা আহমেদ আব্বাছৰ পৰিচালনাত প্ৰথমখন ছবি ‘সাত হিন্দুস্তানী’ৰ পৰা পোৱা পাৰিশ্ৰমিক পিতৃ-মাতৃক দিব বিচাৰিছিল আৰু পিতৃ-মাতৃৰ সকলো দায়িত্ব ল’ব বিচাৰিছিল, পিতৃ-মাতৃক নিজৰ লগত লৈ মুম্বাইলৈ লৈ যাব খুজিছিল । হট চিটৰ আসনত বহি থকা প্ৰতিযোগী বিবেকে সোধাত বিগ বিয়ে এই কথা প্ৰকাশ কৰে ।

লগতে পঢ়ক:Salman Khan Video: গণপতি দৰ্শনৰ বাবে ভগ্নী অৰ্পিতাৰ ঘৰত উপস্থিত ছলমান খান, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details