অসম

assam

ছিংগাপুৰত নিষিদ্ধ দ্য কাশ্মীৰ ফাইলছ : টুইটাৰত আৰম্ভ হৈছে বিতৰ্ক

By

Published : May 11, 2022, 9:18 PM IST

কংগ্ৰেছ নেতা শশী থাৰুৰক অভিনেতা অনুপম খেৰ আৰু পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ছিংগাপুৰত 'দ্য কাশ্মীৰ ফাইলছ' বোলছবিখনৰ ওপৰত নিষেধাজ্ঞাৰ বাতৰি টুইট কৰাৰ পিছত আগুৰি ধৰিছে (The Kashmir Files twitter debate) । বিষয়টো বাঢ়ি অহাৰ লগে লগে, চলচ্চিত্ৰ নিৰ্মাতাই শশী থাৰুৰৰ স্বৰ্গীয় পত্নী সুনন্দা পুষ্কৰৰ কথা উল্লেখ কৰে । পত্নীৰ নাম আহি পৰাৰ লগে লগে খঙত অগ্নিশৰ্মা হৈ পৰে থাৰুৰ ৷

The Kashmir Files
দ্য কাশ্মীৰ ফাইলছকলৈ টুইটাৰত আৰম্ভ বিতৰ্ক

চিটাৰা ডেস্ক, 11 মে’: ছিংগাপুৰত পৰিচালক বিবেক অগ্নিহোত্ৰীৰ 'দ্য কাশ্মীৰ ফাইলছ' নিষিদ্ধ কৰা হৈছে (The Kashmir Files ban)। এই কথা কংগ্ৰেছ নেতা শশী থাৰুৰে মঙলবাৰে টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিছিল আৰু তাৰ পিছতেই আৰম্ভ হৈছিল আন এক বিতৰ্ক । ইয়াৰ পিছতে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰ চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰী আৰু অভিনেতা অনুপম খেৰৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছে (The Kashmir Files twitter debate) । খেৰ আৰু অগ্নিহোত্ৰীয়ে থাৰুৰক তেওঁৰ স্বৰ্গীয় পত্নী সুনন্দা পুষ্কৰ এগৰাকী কাশ্মীৰী পণ্ডিত বুলি উল্লেখ কৰি তেওঁক লক্ষ্য কৰি লৈছিল । ইয়াৰ পিছতে প্ৰতিক্ৰিয়া স্বৰূপে শশী থাৰুৰে কয় যে, তেওঁৰ স্বৰ্গীয় পত্নীক এই বিতৰ্কলৈ টানি অনাটো অবাঞ্ছিত আৰু নিন্দনীয় ।

দ্য কাশ্মীৰ ফাইলছকলৈ টুইটাৰত আৰম্ভ বিতৰ্ক

বিবেক অগ্নিহোত্ৰীৰ 'দ্য কাশ্মীৰ ফাইলছ' ছিংগাপুৰত মুক্তি পোৱাৰ কথা আছিল যদিও দেশখনৰ চেঞ্চৰ ব’ৰ্ডে ছবিখনৰ মুক্তিৰ অনুমোদন নিদি নিষিদ্ধ কৰিলে ছবিখন। ইয়াৰ পিছতে বাতৰিটো সৰ্বত্ৰে বিয়পি পৰে ৷ এনে সময়তে কংগ্ৰেছ সাংসদ শশী থাৰুৰে এটা টিপ্পনিৰে টুইট কৰিলে এনেদৰে - চৰকাৰে প্ৰচাৰ কৰা ছবিখন ছিংগাপুৰত নিষিদ্ধ কৰা হৈছে । তেওঁৰ টুইটটোক কেন্দ্ৰ কৰি ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে থাৰুৰক সমালোচনাৰে কৰিলে আক্ৰমণ । বিবেক অগ্নিহোত্ৰীয়ে শশী থাৰুৰক লক্ষ্য কৰি কয়, মৰমৰ শশী থাৰুৰ, আপুনি জানিবৰ বাবে আপোনাক কওঁ যে যে ছিংগাপুৰৰ চেঞ্চৰ বৰ্ডখন হৈছে বিশ্বৰ আটাইতকৈ প্ৰতিক্ৰিয়াশীল এখন চেঞ্চৰ বৰ্ড । এই বৰ্ডে ‘দ্য লাষ্ট টেম্পটেচন অৱ্ যীচু খ্ৰীষ্ট’ নিষিদ্ধ কৰিছিল (আপোনাৰ মেডামক সোধক)। এখন ৰোমাণ্টিক ছবি 'দ্য লীলা হোটেল ফাইলছ'ও দেশখনত নিষিদ্ধ কৰা হৈছিল, অনুগ্ৰহ কৰি কাশ্মীৰী হিন্দু গণহত্যাক উপহাস কৰা বন্ধ কৰক (The Kashmir Files controversy) ।

দ্য কাশ্মীৰ ফাইলছকলৈ টুইটাৰত আৰম্ভ বিতৰ্ক

ইয়াৰ পিছত, অভিনেতা অনুপম খেৰেও থাৰুৰক লক্ষ্য লৈছিল (Anupam Kher on The Kashmir Files ban)। খেৰে তেওঁৰ টুইটত শশী থাৰুৰৰ স্বৰ্গীয় পত্নী সুনন্দা পুষ্কৰৰ উদ্ধৃতি দি লিখিছে, কাশ্মীৰ হিন্দু গণহত্যাৰ প্ৰতি আপোনাৰ নিষ্ঠুৰতা অতি দুখজনক । অন্ততঃ আপুনি সুনন্দাৰ কাৰণে কাশ্মীৰী পণ্ডিতসকলৰ প্ৰতি সংবেদনশীলতা প্ৰদৰ্শন কৰা উচিত । চিনেমা এখন নিষিদ্ধ কৰাকলৈ এজনে বিজয়ী অনুভৱ কৰা উচিত নহয়

দ্য কাশ্মীৰ ফাইলছকলৈ টুইটাৰত আৰম্ভ বিতৰ্ক

থাৰুৰক সমালোচনা কৰি অগ্নিহোত্ৰীয়ে দিল্লীৰ লীলা হোটেলৰ কথা উল্লেখ কৰে, য'ত থাৰুৰৰ পত্নী সুনন্দাক ২০১৪ চনৰ জানুৱাৰীত মৃত অৱস্থাত পোৱা গৈছিল । অগ্নিহোত্ৰীয়ে কয় যে থাৰুৰে তেওঁৰ স্বৰ্গীয় পত্নীৰ আত্মাৰ ওচৰত ক্ষমা বিচাৰিব লাগে (Vivek Agnihotri on The Kashmir Files ban) ৷ পিছত থাৰুৰে খেৰ আৰু অগ্নিহোত্ৰীৰ নাম নোলোৱাকৈ এক বিবৃতিত কয় যে, তেওঁ কেৱল তথ্যগত বাতৰিহে টুইট কৰিছে আৰু "কাশ্মীৰ ফাইল" সন্দৰ্ভত কোনো মন্তব্য কৰা নাই ৷ থাৰুৰে কয়,কোনো সময়তে মই কাশ্মীৰী পণ্ডিতসকলৰ দুখ-কষ্টক উপহাস কৰা নাছিলোঁ বা তেওঁলোকক অপমান কৰা নাছিলোঁ । মই তেওঁলোকৰ দুখ-কষ্ট ভালদৰে বুজি পাওঁ আৰু বহু বছৰ ধৰি ইয়াৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছো

লগতে কংগ্ৰেছ নেতাগৰাকীয়ে তেওলোকক সমালোচনা কৰি উল্লেখ কৰে এইদৰে - মোৰ স্বৰ্গীয় পত্নী সুনন্দাক বিতৰ্কটোত টানি অনাটো অবাঞ্ছিত আৰু নিন্দনীয় । সুনন্দাৰ চিন্তাৰ বিষয়ে মোৰ বাহিৰে আন কোনো অধিক অৱগত নহয় । মই তেওঁৰ সৈতে সোপোৰস্থিত তেওঁৰ পূৰ্বপুৰুষ সকলৰ ধ্বংস হোৱা ঘৰলৈ গৈছিলো । তাত মই তেওঁলোকৰ চুবুৰীয়া আৰু বন্ধুবৰ্গৰ সৈতে কথা পাতিছিলো ৷ হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ লোকেই আছিল তাত । মোৰ পত্নীয়ে ঘৃণাত বিশ্বাস কৰা নাছিল, বিশ্বাস কৰিছিল মীমাংসাত

লগতে পঢ়ক:Award winning assamese films: দুখনকৈ অসমীয়া ছবিলৈ চাউথ ইণ্ডিয়ান ফিল্ম ফেচ্টিভেল এৱাৰ্ড ২০২২

ABOUT THE AUTHOR

...view details