অসম

assam

ভাৰতীয় বজাৰত মুকলি কেনন(Canon)ৰ ৪টা নতুন ফটো প্ৰিণ্টাৰ

By

Published : Jun 10, 2021, 2:30 PM IST

Canon India has launched a lineup of photo printers in Indian Markets
কেনন ইণ্ডিয়াই ভাৰতীয় বজাৰত মুকলি কৰিলে ফটো প্ৰিণ্টাৰৰ এক শৃংখলা ()

কেনন ইণ্ডিয়া(Canon India)ই ভাৰতীয় বজাৰত মুকলি কৰিলে ফটো প্ৰিণ্টাৰৰ এক শৃংখলা । এই ফটো প্ৰিণ্টাৰ শৃংখলাৰ ভিতৰত আছে ৪টা নতুন ফটো প্ৰিণ্টাৰ । PIXMA G570, PIXMA G670, PIXMA PRO-200 আৰু ইমেজ PROGRAF PRO-300(imagePROGRAF PRO-300)- এই নতুন প্ৰিণ্টাৰকেইটা ভাৰতীয় বজাৰত উপলব্ধ হ'ব ।

নিউড ডেস্ক, ১০ জুন: কেনন ইণ্ডিয়া(Canon India)ই ভাৰতীয় গ্ৰাহকসকলৰ বাবে ফটো প্ৰিণ্টাৰৰ এক শৃংখলা মুকলি কৰিছে । প্ৰিণ্টাৰকেইটাৰ মূল্য প্ৰায় ১৮ হাজাৰ টকাৰ পৰা আৰম্ভ হ'ব । PIXMA G570, PIXMA G670, PIXMA PRO-200 আৰু ইমেজ PROGRAF PRO-300(imagePROGRAF PRO-300)- এই নতুন প্ৰিণ্টাৰকেইটা শীঘ্ৰেই ভাৰতীয় বজাৰত উপলব্ধ হ'ব ।

কেনন ইণ্ডিয়াই ভাৰতীয় বজাৰত মুকলি কৰিলে ফটো প্ৰিণ্টাৰৰ এক শৃংখলা

PIXMA G570ৰ মূল্য ১৮,৭৮৯ টকা, PIXMA G670ৰ মূল্য ২৪,৮০১ টকা, PIXMA PRO-200ৰ মূল্য ৪১,৪০১ টকা আৰু ইমেজ PROGRAF PRO-300(imagePROGRAF PRO-300)ৰ মূল্য ৫৯,৬২১ টকা । জুন মাহৰ পৰা ভাৰতীয় বজাৰত এই প্ৰিণ্টাৰকেইটা উপলব্ধ হ'ব । কেনন ইণ্ডিয়া(Canon India)ৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া মানাবু য়ামাজাকিয়ে এক বিবৃতিযোগে প্ৰকাশ কৰে যে, তেওঁলোকে কেননৰ ইমেজিং প্ৰযুক্তিৰ ওপৰত গৌৰৱবোধ কৰে, যিয়ে ৰঙীন স্মৃতিবোৰক এক সুন্দৰ ছবিলৈ ৰূপান্তৰিত কৰে ।

নতুন PIXMA G570, PIXMA G670 প্ৰিণ্টাৰত ৬টা ৰঙৰ চিয়াহী টেংক আছে আৰু এই প্ৰিণ্টাৰটো উচ্চ মানৰ, দীৰ্ঘদিনলৈ ভাল হৈ থকা ফটো তৈয়াৰ কৰাত, ফটো ষ্টুডিঅ', ব্যৱসায়, ঘৰ আৰু বিভিন্ন সৃষ্টিশীল কামৰ বাবে কম ব্যয়ৰ উৎকৃষ্ট প্ৰিণ্টাৰ ।

কেনন ইণ্ডিয়াই ভাৰতীয় বজাৰত মুকলি কৰিলে ফটো প্ৰিণ্টাৰৰ এক শৃংখলা

নতুন জি ছিৰিজত ৬টা ৰং ডাই ইংক টেংক প্ৰণালী আছে । প্ৰিণ্টাৰবোৰ চিয়ান, মেজেণ্টা, হালধীয়া আৰু ক'লাৰ ৰঙৰ । এই প্ৰিণ্টাৰবোৰত ৰঙা আৰু ধোঁৱা ৰঙৰ চিয়াঁহীৰ আছে । ইমেজ PROGRAF PRO-300(imagePROGRAF PRO-300) আৰু PIXMA PRO-200 হৈছে কেননৰ শেহতীয়া প্ৰিণ্টিং প্ৰযুক্তি আৰু এই প্ৰিণ্টাৰ দুটাৰ জৰিয়তে পেচাগত ফটো আৰু প্ৰদৰ্শনীৰ বাবে প্ৰয়োজন হোৱা ফটো উলিয়াব পৰা যাব ।

লগতে পঢ়ক: শীঘ্ৰে বজাৰলৈ আহিব এপল ৱাটছ চিৰিজ 7 ৰ নতুন মডেল

ABOUT THE AUTHOR

...view details