অসম

assam

New Supreme Court judge: উচ্চতম ন্যায়ালয়ত শপত ল’লে দুগৰাকী নতুন ন্যায়াধীশে

By

Published : Feb 13, 2023, 2:00 PM IST

Updated : Feb 13, 2023, 2:37 PM IST

উচ্চতম ন্যায়ালয়ৰ দুগৰাকী নতুন ন্যায়াধীশে আজি শপত গ্ৰহণ কৰে (Two new Supreme Court judges sworn in) ৷ বৰ্তমান উচ্চতম ন্যায়ালয়ত মুঠ ন্যায়াধীশৰ সংখ্যা হয়গৈ ৩৪ জন ৷

New Supreme Court judge
উচ্চতম ন্যায়ালয়ত দুগৰাকী নতুন ন্যায়াধীশ

নেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী : আজি উচ্চতম ন্যায়ালয়ৰ দুগৰাকী নতুন ন্যায়াধীশে শপত গ্ৰহণ কৰে (Two new Supreme Court judges sworn in) ৷ ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচু়ড়ে ন্যায়াধীশদ্বয় ৰাজেশ বিন্দল আৰু অৰবিন্দ কুমাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱায় (Chief Justice of India D Y Chandrachud) । নতুনকৈ দুজন ন্যায়াধীশক নিযুক্তি প্ৰদানৰ পিচতে উচ্চতম ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ সংখ্যা হয়গৈ ৩৪ গৰাকী ৷ উচ্চতম ন্যায়ালয়ৰ চৌহদত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান (Swearing in ceremony in Supreme Court)।

দুজন ন্যায়াধীশে নতুনকৈ নিযুক্তি লাভ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ মুঠ সংখ্যা বৃদ্ধি পায় ৩৪ জনলৈ । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হোৱাৰ পূৰ্বে ন্যায়াধীশ বিন্দল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ (Allahabad High Court) মুখ্য ন্যায়াধীশ হোৱাৰ বিপৰীতে ন্যায়াধীশ কুমাৰ মুখ্য ন্যায়াধীশ হিচাপে নিয়োজিত আছিল গুজৰাট উচ্চ ন্যায়ালয়ত (Gujarat High Court) ।

৩১ জানুৱাৰীত ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ চাৰিজনকৈ জেষ্ঠ ন্যায়াধীশৰ দ্বাৰা গঠিত সমিতিয়ে ৰাজেশ বিন্দল আৰু অৰবিন্দ কুমাৰৰ নাম উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পৰ্যায়লৈ উন্নীত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল (Swearing in ceremony in Supreme Court)।

২০২১ চনৰ ১১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ন্যায়াধীশ ৰাজেশ বিন্দলে ৷ ১৯৬১ চনৰ ১৬ এপ্ৰিলত ন্যায়াধীশ বিন্দালে জন্মগ্ৰহণ কৰে ৷ ১৯৮৫ চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা ন্যায়াধীশগৰাকীয়ে এল.এল.বি. ডিগ্ৰী গ্ৰহণ কৰে ৷ ১৯৮৫ চনৰ ছেপ্টেম্বৰ মাহত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত কৰ্মজীৱনৰ আৰম্ভণি হয় আৰু ২০০৬ চনৰ ২২ মাৰ্চত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ন্যায়াধীশ বিন্দালে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত কাৰ্যকালৰ সময়ছোৱাত প্ৰায় ৮০ হাজাৰ গোচৰ নিষ্পত্তি কৰে (Justice Rajesh Bindal)।

জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়লৈ ন্যায়াধীশগৰাকীৰ বদলি হোৱাৰ পিচত ২০১৮ চনৰ ১৯ নৱেম্বৰত ন্যায়ালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় শাসিত দুটাকৈ অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখৰ সাধাৰণ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ন্যায়াধীশ বিন্দলে ২০২১ চনৰ ৫ জানুৱাৰীত কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল আৰু ২০২১ চনৰ ২৯ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সেই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ কৰ্তব্য পালন কৰিবলৈ নিযুক্তি দিয়া হৈছিল ৷ ন্যায়াধীশ অৰবিন্দ কুমাৰে ২০২১ চনৰ ১৩ অক্টোবৰৰ পৰা গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

১৯৬২ চনৰ ১৪ জুলাইত জন্মগ্ৰহণ কৰা ন্যায়াধীশ অৰবিন্দ কুমাৰে ১৯৮৭ চনত অধিবক্তা হিচাপে জীৱন আৰম্ভ কৰে । ১৯৯৯ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত স্থায়ী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰে ন্যায়াধীশ কুমাৰে । ২০০২ চনত আঞ্চলিক প্ৰত্যক্ষ কৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি লাভ কৰাৰ পিছত ২০০৫ চনত ভাৰতৰ সহকাৰী চলিচিটৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে । ২০০৯ চনৰ ২৬ জুনত ন্যায়াধীশ কুমাৰক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত কৰা হয় ৷ তাৰ পিছত ২০১২ চনৰ ৭ ডিচেম্বৰত স্থায়ী ন্যায়াধীশ পৰ্যায়লৈ উন্নীত কৰা হয় ন্যায়াধীশ অৰবিন্দ কুমাৰক (Justice Aravind Kumar) ।

লগতে পঢ়ক :Mission Amrit Sarovar: চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যত অবাধে চলিছে বন ধ্বংস কাৰ্য

Last Updated : Feb 13, 2023, 2:37 PM IST

ABOUT THE AUTHOR

...view details