অসম

assam

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আগৰতলাত যুৱ তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Aug 30, 2022, 10:22 AM IST

তৃণমূল কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল আগৰতলা (Tripura TMC youth protest)। যুৱ তৃণমূল কংগ্ৰেছে ৰাজভৱনলৈ উলিয়ালে প্ৰতিবাদী সমদল । প্ৰতিবাদত তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ অংশগ্ৰহণ ।

Protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আগৰতলাত যুৱ তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

আগৰতলা,৩০ আগষ্ট :মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে ত্ৰিপুৰা প্ৰদেশ যুৱ তৃণমূল কংগ্ৰেছে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (TMC youth protest)। আস্তাবল ময়দানৰ পৰা ৰাজভৱনলৈ সংগঠনটোৱে এক প্ৰতিবাদ সমদলৰ আয়োজন কৰে (Tripura TMC Raj Bhawan Abhiyan)। ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বেনাৰ্জী, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, ত্ৰিপুৰা প্ৰদেশ যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি সান্তানু সাহা, যুৱ তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি নীল কমল সাহা আৰু অন্যান্য নেতাসকলে সেই সমদলত অংশগ্ৰহণ কৰে ।

ইফালে এই সমদল ৰাজভৱন দিশে কিছু আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীয়ে বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে । কিন্তু সেই সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় (Clashes between police and TMC worker)। আৰক্ষীয়ে পাছত সান্তানু সাহাকে ধৰি বহু নেতা আৰু কৰ্মীক গ্ৰেপ্তাৰ কৰে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আগৰতলাত যুৱ তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদৰ সময়ত যুৱ তৃণমূল কংগ্ৰেছে কেইবাটাও বিষয়ক লৈ সৰৱ হৈ পৰে । সংগঠনটোৰ দাবী ৰাজ্যখনত বৰ্ধিত সামগ্ৰীৰ মূল্য আৰু নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰিছে । ইফালে প্ৰতিবাদত অংশ লৈ গ্ৰেপ্তাৰ হোৱা ত্ৰিপুৰা প্ৰদেশ যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি সান্তানু সাহাই চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

তেওঁ উল্লেখ কৰা মতে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেও যুৱ তৃণমূল কংগ্ৰেছৰ ৰাজভৱন অভিযানক কেতিয়াও বাধা দিব নোৱাৰে । আগন্তুক দিনত ত্ৰিপুৰা প্ৰদেশ যুৱ তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ বাবে এক বৃহত্তৰ আন্দোলন আৰম্ভ কৰিব বুলিও তেওঁ ঘোষণা কৰে ।

প্ৰতিবাদৰ সময়ত ত্ৰিপুৰা তৃণমূল কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বেনাৰ্জীয়ে অভিযোগ কৰা মতে ৰাজ্যখনত যুৱক-যুৱতীসকল চাকৰিৰ পৰা বঞ্চিত হৈছে, খাদ্যৰ সংকটে দেখা দিছে, শিক্ষাত অৰাজকতা চলিছে আৰু ৰাজ্যখনত কোনো স্বাধীনতা লগতে গণতন্ত্ৰ নাই । টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলো হতাশাত ভূগিছে বুলি তেওঁ অভিযোগ কৰে । যাৰ বাবে তৃণমূল কংগ্ৰেছে ৰাজ্যখনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লগতে পঢ়ক :বিৰোধীয়ে ত্ৰিপুৰাৰ জনজাতীয় লোকসকলক ভোট বেংকৰূপে ব্যৱহাৰৰ অভিযোগ উপ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details