অসম

assam

Tripura CM Delhi visit : প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লীলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

By

Published : Aug 5, 2022, 3:57 PM IST

Tripura CM Delhi visit
প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লীলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ()

দিল্লীলৈ ৰাওনা হ'ব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহা । প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে (Tripura CM to meet PM Modi)। প্ৰধানমন্ত্ৰীৰ সৈতে হ'ব বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰা হ'ব ।

আগৰতলা,৫ আগষ্ট :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Tripura CM to meet PM Modi)। প্ৰধানমন্ত্ৰীক সাক্ষাতৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰীগৰাকী । চৰকাৰী এক সূত্ৰই জনোৱা মতে প্ৰধানমন্ত্ৰী মোডীয়ে কেন্দ্ৰীয় চৰকাৰৰ সকলো আঁচনিৰ পৰ্যালোচনা কৰিবলৈ ব্যক্তিগতভাৱে সকলো মুখ্যমন্ত্ৰীকে সাক্ষাৎ কৰিব ।

ডাঃ সাহাই ৬ আৰু ৭ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে দিল্লী ভ্ৰমণ কৰিব । তেওঁ ৬ অথবা ৭ আগষ্টত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব । সূত্ৰটোৱে লগতে কয় যে ডাঃ সাহাই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কথা পাতিবলৈ প্ৰায় ৭ মিনিট সময় পাব ।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত চলি থকা কেন্দ্ৰীয় আঁচনিসমূহৰ পৰ্যালোচনা কৰিব । প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পূৰ্বে ডাঃ সাহাই ৰাজ্যখনৰ সকলো বিভাগৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় (CM review meeting with every department of Tripura)।

সূত্ৰটোৱে জনোৱা মতে ডাঃ সাহাই দল সম্পৰ্কীয় বিষয়সমূহৰ লগতে আহি থকা নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰিব আৰু কিছুমান ডাঙৰ সিদ্ধান্ত ঘোষণাৰ লগতে ৰাজ্যখনৰ বাবে কিছু নতুন খবৰ আহিব পাৰে । তেওঁ নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ বিশেষ আঁচনি আৰম্ভ কৰাৰ বিষয়ে আলোচনা কৰিব পাৰে ।

লগতে পঢ়ক :Rahul Gandhi detained: কংগ্ৰেছী নেতা ৰাহুল গান্ধীক আটক

ABOUT THE AUTHOR

...view details